নিউজ ডেস্ক, 11 এপ্ৰিল :বিহাৰৰ কিষণগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশ্বিনী কুমাৰৰ মৃত্যুৰ ঘটনাত ঘটনাস্থলীৰ পৰা পলায়ন কৰি নিজৰ প্ৰাণ ৰক্ষা কৰা এজন আৰক্ষী বিষয়াসহ সম্পূৰ্ণ সাতজনীয়া আৰক্ষীৰ দলটোক দেওবাৰে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত নিলম্বিত কৰা হৈছে ৷
শীৰ্ষ আৰক্ষী বিষয়াৰ মতে, দোষী আৰক্ষীৰ লোক কেইজনৰ বিৰুদ্ধে বিভাগীয় ভাৱে তদন্ত কৰা হ‘ব ৷ ইফালে নিজ পুত্ৰৰ মৃত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকোৱালি লয় ৷
উল্লেখ্য যে, কিষণগঞ্জ জিলাৰ সীমান্তত সংলগ্ন পশ্চিমবংগৰ পাতাপাণ্ডা গাঁৱত এটা চুৰিকাণ্ড সন্দৰ্ভত শনিবাৰে পুৱা অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল আৰক্ষীৰ এটা দল ৷ যাৰ পাচতে উক্ত স্থানত উপস্থিত একাংশই আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে ৷ উক্ত আক্ৰমণত কিষণগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশ্বিনী কুমাৰৰ মৃত্যু হয় ৷ আনহাতে সেই সময়ত দলটোত যোৱা এজন আৰক্ষী বিষয়া সহ বাকী 6জন জোৱানে পলায়ন কৰে ৷ ইতিমধ্যে পশ্চিমবংগ আৰক্ষীৰ সহযোগত উক্ত আক্ৰমণৰ ঘটনাৰে জড়িত তিনি অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে ৷
লগতে পঢ়ক : 72 ঘন্টাৰ বাবে কোচবিহাৰত ৰাজনৈতিক নেতাৰ প্ৰৱেশত নিশেধাজ্ঞা