আগৰতলা, 15 জুন : ত্ৰিপুৰাত বামপন্থী নেতাসকলক আক্ৰমণ আৰু ভাবুকি প্ৰদান কৰাৰ পাছত এইবাৰ দুৰ্বৃত্তৰ দলে এছএফআই(SFI)ৰ নেতাৰ বাসগৃহত আক্ৰমণ চলায় ৷ দেওবাৰ মাজনিশা এছএফআইৰ ৰাজ্যিক সচিব সন্দীপন দেৱৰ বাসগৃহত এদল দুৰ্বৃত্তই প্ৰৱেশ কৰি আক্ৰমণ চলাই বিভিন্ন আচবাব লণ্ড-ভণ্ড কৰে ৷ পৰৱৰ্তী সময়ত চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হোৱাত দুৰ্বৃত্তৰ দলটোৱে উক্ত ঠাইৰ পৰা পলায়ন কৰে ৷
ইফালে ত্ৰিপুৰাৰ বিৰোধী ৰাজনৈতিক দলে এই ঘটনাৰ বাবে শাসকীয় দলৰ ওপৰত অভিযোগৰ আঙুলি টোৱাইছে ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে এনে আক্ৰমণক গৰিহণা দিয়াৰ লগতে তদন্তৰ আশ্বাস প্ৰদানৰ পাছতো বামপন্থী নেতা-কৰ্মীৰ ওপৰত আক্ৰমণৰ ঘটনা হ্ৰাস পোৱা নাই ৷ যাৰ ফলত এতিয়া বিৰোধী নেতাসকলে ঘটনাটো দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ(Biplab Kumar Deb)ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৷