নেশ্যনেল ডেস্ক, 23 আগষ্ট: অভিশপ্ত বুধবাৰ ৷ নেপালৰ বাগমতী প্ৰদেশত এক মাৰ্মান্তিক পথ দুৰ্ঘটনাৰ সংঘটিত হয় ৷ এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ ওপৰৰ পৰা নৈত বাগৰি পৰাৰ ফলত 8 জন লোক নিহত হোৱাৰ লগতে 15 জন লোক আহত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ কাঠমাণ্ডুৰ পৰা পোখৰালৈ যাত্ৰা কৰি থকা বাছখন ধাদিং জিলাৰ চালিছেৰ ত্ৰিশূলী নদীত বাগৰি পৰে ৷
ইফালে ৰাজ্যখনত বিগত দিনকেইটাত বৰষুণ দি থকাৰ বাবে নদীখন ফেনে ফুটুকাৰে বাঢ়ি আছিল বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে ৷
এই ঘটনাৰ পিচতে ধাদিং জিলা আৰক্ষী থানাৰ উপ-আৰক্ষী অধীক্ষক সন্তুল প্ৰসাদ জয়েশ্বৰে জানিবলৈ দিয়া মতে, "দুৰ্ঘটনাটোত কমেও আঠজন লোক নিহত হৈছে আৰু 15 জন লোক আহত হৈছে ৷ আগন্তুক সময়ত নিহতসকলৰ সংখ্যা বঢ়াৰ সম্ভাৱনা আছে ৷ ঘটনাস্থলীত এতিয়াও উদ্ধাৰ অভিযান চলি আছে বুলি জানিব পৰা গৈছে ৷"এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীলৈ জিলা প্ৰশাসনৰ বিষয়াসকল ততালিকে ৰাওনা হয় ৷