আগৰতলা, 22 মাৰ্চ:18 মাৰ্চত ৰাজ্যৰ বিধানসভাত উপস্থাপন কৰা বাজেটত অসন্তুষ্টি ব্যক্ত কৰি জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা অৱসৰপ্ৰাপ্ত অধ্যাপক মানিক দেৱে সোমবাৰে কয় যে, ৰাজ্যখনৰ অন্যতম মুখ্য সমস্যা, নিবনুৱা সমস্যা সমাধানৰ বিষয়টো উপস্থাপন কৰাৰ ক্ষেত্ৰত এই বাজেট বিফল হৈছে ৷
সাংবাদিকৰ সন্মুখত দেৱে কয় যে, "ৰাজ্যখনক জৰ্জৰিত কৰি ৰখা সমস্যাসমূহৰ এখন তালিকা আমি যদি প্ৰস্তুত কৰো তেন্তে নিবনুৱা সমস্যা সেই তালিকাৰ শীৰ্ষত থাকিব ৷ কিন্তু বাজেটত এই প্ৰসংগত বিশেষ একো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই ৷ শিক্ষাৰ্থী সকলৰ লগতে যুৱ প্ৰজন্মইও এই বাজেটৰ পৰা অশেষ আশা কৰিছিল , কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁলোকে একো নাপালে ৷ "