অসম

assam

By

Published : Aug 31, 2022, 6:17 PM IST

ETV Bharat / bharat

হোৱাটচএপ বাৰ্তাক লৈ অসন্তুষ্টি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ

বিনিয়োগকাৰীলৈ সতৰ্কবানী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ(Supreme Court judge warns investors) । বিনিয়োগকাৰীসকলৰ পৰা অহা এটা হোৱাটচএপ বাৰ্তাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ন্যায়াধীশগৰাকীয়ে(SC judge unhappy over WhatsApp message) । বিনিয়োগকাৰীসকলে এনে কাৰ্য বন্ধ নকৰিলে বিশেষ ব্যৱস্থা গ্ৰহণৰ হুংকাৰো দিয়ে ন্যায়াধীশগৰাকীয়ে ।

sc judge expresses displeasure
হোৱাটচ এপ বাৰ্তাকলৈ অসন্তুষ্টি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ

নেশ্যনেল ডেস্ক,৩১ আাগষ্ট: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ ফোনলৈ অহা এটা হোৱাটচএপ বাৰ্তাক লৈ অসন্তুষ্টি প্ৰকাশ ন্যায়াধীশগৰাকীৰ(SC judge unhappy over WhatsApp message) । উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এছ কে কৌলে মঙলবাৰে কিছুমান বিনিয়োগকাৰীৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰে । যিসকলক এটা কোম্পানীয়ে প্ৰতাৰণা কৰিছিল । ইয়াৰ পাছতেই বিনিয়োগকাৰীসকলে তেওঁলৈ হোৱাটছএপ বাৰ্তা প্ৰেৰণ কৰিছিল । যাৰ বাবে তেঁও সতৰ্ক কৰি দিছিল যে ভবিষ্যতে এনে কৰিলে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব(Supreme Court judge warns investors) । যদি বিনিয়োগকাৰীসকলে এনে কাৰ্য কৰা বন্ধ নকৰে তেন্তে বিষয়টোৰ শুনানিৰ পৰা নিজকে আঁতৰাই ৰাখিব ।

ন্যায়াধীশ এ এছ ওকাৰ সৈতে বিচাৰপীঠখন অন্তৰ্ভুক্ত কৰা ন্যায়াধীশ কৌলে বিনিয়োগকাৰীসকলৰ হৈ উপস্থিত হোৱা অধিবক্তাজনক বিনিয়োগকাৰীসকলৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়ে । তেঁও লগতে উল্লেখ কৰে যে তেওঁৰ মোবাইল হোৱাটচএপৰ বাবে নহয় । এই কথা পূৰ্বতেও উল্লেখ কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ন্যায়াধীশ কৌলে । ইয়াৰ পূৰ্বে ৯ ফেব্ৰুৱাৰীৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ে কিছুমান বিনিয়োগকাৰীক ন্যায়াধীশলৈ বাৰ্তা প্ৰেৰণ কৰাৰ পৰা বিৰত থাকিবলৈ কৈছিল ।

আদালতে ইয়াৰ পূৰ্বে বিচাৰকসকলক যোগাযোগ ৰক্ষা কৰা বা হোৱাটছএপৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰা কিছুমান বিনিয়োগকাৰীৰ প্ৰচেষ্টাৰ বিষয়ে কিছু উদ্বেগ প্ৰকাশ কৰিছিল । উচ্চতম ন্যায়ালয়ে বিষয়টো ১০ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ বাবে ৰাখিছিল । এটা প্ৰতিষ্ঠানে বিনিয়োগকাৰীসকলক সোণ সঞ্চয় আঁচনিত বিনিয়োগ কৰিবলৈ প্ৰলোভিত কৰাৰ পিছত প্ৰতাৰিত কৰাৰ অভিযোগৰ ভিত্তিত চলি আছে গোচৰ ।

লগতে পঢ়ক:অনুশাসন ভংগৰ অভিযোগত আলফা সদস্যক মৃত্যুদণ্ড

ABOUT THE AUTHOR

...view details