অসম

assam

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 10:09 PM IST

ETV Bharat / bharat

Amit Shah's chariot collides: ৰথত লাগিল বিদ্যুৎ পৰিবাহী তাঁৰ; কথমপি প্ৰাণ ৰক্ষা অমিত শ্বাহৰ

ৰাজস্থানত এক অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ শ্বাহে ভ্ৰমণ কৰা ৰথখন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহে ৷ ফলত কথমপিহে প্ৰাণ ৰক্ষা পৰে অমিত শ্বাহৰ ৷

Amit Shah's chariot collides
Amit Shah's chariot collides

নিউজ ডেস্ক, 7 নৱেম্বৰ: মঙলবাৰে ৰাজস্থানৰ নৱগঠিত দিদৱানা জিলাৰ মকৰানাত সংঘটিত দুৰ্ঘটনাত কথমপি ৰক্ষা পৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । এক সমদলত অংশ লোৱা অমিত শ্বাহৰ ৰথখন পথত থকা বিদ্যুতৰ তাঁৰত লাগি ধৰে । ইয়াৰ পিছত শ্বাহক ৰথৰ পৰা নমাই আন এখন বাহনত লৈ যোৱা হয় । দুৰ্ঘটনাটোৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ৰোড শ্ব’ বাতিল কৰা হয় । নিৰাপত্তাৰক্ষীয়ে শ্বাহক গাড়ীত উঠাই আগবাঢ়ি যায় । এই বিষয়ত বিজেপিৰ কেন্দ্ৰীয় মন্ত্রী অলকা গুর্জৰে কয় যে দেশৰ গৃহমন্ত্রীৰ লগত এনে ঘটনা সংঘটিত হৈছে, সেয়া অতি নিন্দনীয় ৷

দৰাচলতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সুনীতা ভিঞ্চাৰৰ সমৰ্থনত বিয়লি মকৰানাত এখন ৰাজহুৱা সভাত ভাষণ দিয়াৰ পাছত সন্ধিয়া অমিত শ্বাহ পৰ্বতসৰ অভিমুখে গৈ আছিল, সেই সময়ত তেওঁ চৌপাল কাৰ্যসূচীত অংশ ল’ব লগা হৈছিল । বাটত অমিত শ্বাহৰ ৰথখন পথত ওলমি থকা বৈদ্যুতিক তাঁৰত লাগি ধৰাত গাড়ীখন ৰখাই তেওঁক আন এখন বাহনত পঠিওৱা হয় । সৌভাগ্যৰ কথা যে এই দুৰ্ঘটনাত কাৰো কোনো ক্ষয়-ক্ষতি হোৱা নাই ।

সময়সূচী অনুসৰি পৰ্বতসৰ বিধানসভা সমষ্টিত অমিত শ্বাহে ৰোড শ্ব’ অনুষ্ঠিত কৰিব লগা আছিল । ইয়াৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ পতাকা লৈ শ্বাহক মকৰানৰ পৰা লৈ যোৱা হৈছিল ৰথত । পৰ্বতসৰৰ বিদিয়াদ অঞ্চলৰ মাজেৰে অমিত শ্বাহৰ ৰথখন পাৰ হৈ যোৱাৰ সময়ত ৰথখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু বিদ্যুতৰ তাঁৰত লাগি ধৰাৰ ফলত স্ফুলিংগ ওলাবলৈ ধৰে । পৰিস্থিতিৰ গুৰুত্ব বিবেচনা কৰি অমিত শ্বাহৰ ৰোড শ্ব’ বাতিল কৰি নিৰাপত্তাৰক্ষীয়ে অমিত শ্বাহক আন এখন বাহনত নিৰাপদে লৈ যায় ।

অমিত শ্বাহৰ সৈতে হোৱা দুৰ্ঘটনা সন্দৰ্ভত বিজেপিৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে । এই বিষয়ত বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী অলকা গুৰ্জৰে কয় যে দেশৰ গৃহমন্ত্ৰীৰ লগত এনে ঘটনা ঘটিছে, সেয়া অতি নিন্দনীয় । এই ঘটনাটোত নিশ্চিতভাৱে কিবা এটা আছিল, এনে এটা ঘটনা দৃষ্টি আকৰ্ষণ কৰিবলৈ কৰা হৈছিল, সকলোৱে জানিছিল যে গৃহমন্ত্ৰীগৰাকী সেই পথেৰে পাৰ হ'ব ।

লগতে পঢ়ক:Maoist menace in Chhattisgarh: ভোটদানৰ দিনটোত ছত্তীশগড়ত নক্সালবাদীৰ আক্ৰমণৰ বাবে কংগ্ৰেছ দায়ী: প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

...view details