নেশ্যনেল ডেস্ক, ৮ নৱেম্বৰ: ২০১৬ চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৫০০ আৰু ১০০০ টকীয়া নোট বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল । বিমুদ্ৰাকৰণৰ ফলশ্ৰুতি স্বৰূপে পুৰণি ৫০০ টকীয়া নোটৰ পৰিৱৰ্তে নতুন ৰূপত আহিছিল ৫০০ টকীয়া নোট । সম্পূৰ্ণৰূপে অচল হৈ পৰিছিল ১০০০ টকীয়া নোট । বিমুদ্ৰাকৰণৰ পাচতে স্বাভাৱিকতে ধন পৰিশোধৰ বাবে অধিকাংশ লোকেই ডিজিটেল বেংকিং প্লেটফৰ্মক আকোঁৱালি ল'লে ।
কিন্তু ডিজিটেল মাধ্যমেৰে ধন পৰিশোধ বৃদ্ধি হোৱাৰ পাচতো নোটৰ প্ৰচলন হ্ৰাস পোৱা নাই । ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি, বিমুদ্ৰাকৰণৰ পাঁচ বছৰৰ পাচতো বিকাশৰ গতি হ্ৰাস পাইছে আৰু ভাৰতত ব্যৱহাৰ কৰি থকা অৰ্থাৎ প্ৰচলিত নোটৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে । ২০২০-২১ বৰ্ষত নোটৰ ব্যৱহাৰ বৃদ্ধি পাইছে । বিপদৰ সময়ত ব্যয় কৰিব পৰাকৈ কৰ'ণা মহামাৰীৰ সময়ত নগদ ধন মানুহে নিজৰ লগত অধিক ৰাখিছে ।
ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০১৬ চনৰ ৪ নৱেম্বৰলৈকে নোটৰ প্ৰচলন আছিল ১৭.৭৪ লাখ কোটি । চলিত বৰ্ষৰ ২৯ অক্টোবৰলৈকে ২৯.১৭ লাখ কোটিলৈ নোটৰ প্ৰচলন বৃদ্ধি পাইছে । আনহাতে, ২০২০ চনৰ ৩০ অক্টোবৰলৈকে নোটৰ প্ৰচলন আছিল ২৬.৮৮ লাখ কোটি টকা ।
কিন্তু ২০২১ চনৰ ২৯ অক্টোবৰলৈকে নতুনকৈ ২,২৮,৯৬৩ কোটি টকাৰ নোটৰ প্ৰচলন হয় । ইফালে, ২০১৯-২০ বৰ্ষত প্ৰচলিত বেংক নোটৰ মূল্য আৰু পৰিমাণ ক্ৰমান্বয়ে ১৪.৭ শতাংশ আৰু ৬.৬ শতাংশ বৃদ্ধি হৈছিল । আনহাতে, ২০২০-২১ বৰ্ষত প্ৰচলিত বেংক নোটৰ মূল্য আৰু পৰিমাণ ক্ৰমান্বয়ে ১৬.৮ শতাংশ আৰু ৭.২ শতাংশ বৃদ্ধি পাইছে । ক'ভিডৰ সংক্ৰমণ বৰ্তমান নিয়ন্ত্ৰণলৈ অহাৰ পাচত ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং আৰু ইউনিফাইড পেমেণ্টইণ্টচ ইণ্টাৰফেচ(Unified Payments Interface)ৰ দৰে মাধ্যমৰ জৰিয়তে ডিজিটেল পৰিশোধ যথেষ্ট বৃদ্ধি হৈছে ।