অসম

assam

ETV Bharat / bharat

BJP meeting in Delhi: প্ৰধানমন্ত্ৰীৰ বাসগৃহত গুৰুত্বপূৰ্ণ বৈঠক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ, দলৰ সভাপতি জে পি নাড্ডা আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ । নিৰ্বাচনৰ পূৰ্বে বৃহৎ সালসলনিৰ সম্ভাৱনা ।

By

Published : Jun 29, 2023, 3:38 PM IST

BJP meeting
প্ৰধানমন্ত্ৰীৰ বাসগৃহত গুৰুত্বপূৰ্ণ বৈঠক

নেশ্যনেল ডেস্ক,২৯ জুন :সমাগত লোকসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত প্ৰতিটো ৰাজনৈতিক দলে ৰণনীতি প্ৰস্তুত কৰিছে । বিজেপি দলেও বিভিন্ন নিৰ্বাচনী সিদ্ধান্ত গ্ৰহণ কৰিছে । ইফালে প্ৰধানমন্ত্ৰী মোদীয়েও বিদেশ ভ্ৰমণৰ পাছত নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে । পুনৰ এবাৰ বিজেপিৰ জ্যেষ্ঠসকল বৈঠকত বহিল ।

বুধবাৰে নিশা দলৰ জ্যেষ্ঠ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । নেতাসকলে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ৰণনীতিৰ ওপৰত আলোচনা কৰে । ৫ ঘণ্টাতকৈও অধিক সময় ধৰি চলি থকা এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, দলৰ সভাপতি জে পি নাড্ডা আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰ লগতে অন্যান্যসকলো উপস্থিত থাকে ।

সূত্ৰৰ মতে বৈঠকখনে দলৰ ভিতৰত এক বৃহৎ সালসলনিৰ ইংগিত দিছে । অৱশ্যে, বৈঠক সন্দৰ্ভত বিজেপিৰ পৰা এতিয়ালৈ কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই । এই বৈঠকৰ পূৰ্বে গৃহ মন্ত্ৰী অমিত শ্বাহ, জে পি নাড্ডা আৰু বিজেপিৰ সাধাৰণ সম্পাদক (সংগঠন) বি এল সন্তোষে সাংগঠনিক আৰু ৰাজনৈতিক বিষয়ত ব্যাপক আলোচনা কৰে ।

আমোদজনক ভাৱে, প্ৰধানমন্ত্ৰীয়ে শেহতীয়া ভাষণত দেশজুৰি এক অভিন্ন নাগৰিক সংহিতা কাৰ্যকৰী কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি ঘোষণা কৰিছিল আৰু স্পষ্ট কৰি দিছিল যে দলটোৱে কাৰ্যসূচীত দিয়া প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰিবলৈ আগ্ৰহী । এই কাৰ্যসূচী দীৰ্ঘদিন ধৰি বিজেপিৰ ইস্তাহাৰৰ এক অবিচ্ছেদ্য অংশ হৈ আহিছে আৰু পুনৰ এবাৰ ইয়াৰ উল্লেখে ২০২৪ চনৰ নিৰ্বাচনৰ প্ৰাকক্ষণত দলটোৰ সংকল্পক অধিক সূচায় ।

কৰ্ণাটকত বিজেপিৰ শেহতীয়া পৰাজয়ে দলটোক এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ পদ্ধতি পুনৰ মূল্যায়ন কৰিবলৈ উৎসাহিত কৰিছে । লক্ষণীয়ভাৱে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৪ খন গুৰুত্বপূৰ্ণ ৰাজ্যৰ ভিতৰত মধ্য প্ৰদেশ, ৰাজস্থান, তেলেংগানা আৰু ছত্তীশগড় আছে । তাৰ ভিতৰত কেৱল মধ্য প্ৰদেশত হে বৰ্তমান বিজেপিৰ চৰকাৰ আছে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিজৰ স্থিতি শক্তিশালী কৰাৰ বাবে বিজেপিয়ে শেহতীয়াকৈ গণ সংযোগ অভিযান অনুষ্ঠিত কৰিছিল ।

লগতে পঢ়ক :Smriti to Rahul: ৰাহুল গান্ধীৰ দেশপ্ৰেমক লৈ প্ৰশ্ন স্মৃতি ইৰাণীৰ

ABOUT THE AUTHOR

...view details