নেচনেল ডেস্ক, ২৬ ছেপ্টেম্বৰ :নেতৃত্বৰ পৰিৱৰ্তনক লৈ ৰাজস্থানত সোমবাৰেও ৰাজনৈতিক নাটক অব্যাহত আছে (political drama in Rajasthan) । আনহাতে, মুখ্যমন্ত্ৰী অশোক গেহলটৰ অনুগত বিধায়কসকলে (MLAs loyal to CM Ashok Gehlot) কংগ্ৰেছ পৰ্যবেক্ষকৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো প্ৰতিশ্ৰুতি দিয়া নাই । উক্ত পৰ্যবেক্ষকসকলে ঘটনাক্ৰমৰ বিষয়ে হাইকমাণ্ডক অৱগত কৰিবলৈ দিল্লীলৈ উভতি অহাৰ সম্ভাৱনা আছে (Rajasthan political crisis) ।
উল্লেখ্য, গেহলট দলৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে নিৰ্বাচিত হ'লে মুখ্যমন্ত্ৰী পদৰ মুখ্য দাবীদাৰ হিচাপে পৰিগণিত হোৱা শচীন পাইলটে (contender for CM post Sachin Pilot) হাইকমাণ্ডক লগ কৰিবলৈ নতুন দিল্লীলৈ ৰাওনা হৈছে । দলীয় সূত্ৰই জনোৱা মতে, পাইলটক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱ্য পদক্ষেপৰ বাবে দেওবাৰে পদত্যাগ-পত্ৰ দাখিল কৰা গেহলটৰ অনুগত ৮২ জন বিধায়কে (82 MLAs loyal to Gehlot resigned) সোমবাৰে তেওঁলোকৰ পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে ।
উল্লেখ্য, ৰাজস্থান বিধানসভাৰ ২০০ আসনৰ ভিতৰত কংগ্ৰেছৰ ১০৮ জন বিধায়ক আছে ।
"দেওবাৰৰ ঘটনা সন্দৰ্ভত সভাত আলোচনা হ'ব । সময় এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই । মন্ত্ৰী শান্তি ধাৰিৱালজীয়ে দেওবাৰে নিশা কৈছিল যে তেওঁ সোমবাৰে অধ্যক্ষক লগ কৰিব আৰু পদত্যাগ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাব । কিন্তু এইটো সিদ্ধান্ত লোৱা হোৱা নাই ।" মুখ্যমন্ত্ৰীৰ উপদেষ্টা সান্যাম লোধাই এনেদৰে কয় ।
দেওবাৰে কংগ্ৰেছ বিধায়িনী দলৰ (CLP) বৈঠকত সকলো বিধায়ক উপস্থিত হোৱাৰ বাবে বৃথা অপেক্ষা কৰা এআইচিচিৰ পৰ্যবেক্ষক মল্লিকাৰ্জুন খৰ্গে (AICC observers Mallikarjun Kharge) আৰু ৰাজস্থানৰ ভাৰপ্ৰাপ্ত নেতা অজয় মাকেনে ৰাজনৈতিক সংকট নিষ্ক্ৰিয় কৰাৰ প্ৰচেষ্টাত গেহলটৰ অনুগতসকলক এজন এজনকৈ লগ কৰিবলৈ চেষ্টা কৰি আছিল ।
অৱশ্যে, নৱৰাত্ৰি উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি কেইবাজনো বিধায়কে তেওঁলোকৰ নিজ নিজ সমষ্টিলৈ ৰাওনা হৈছে, দলৰ সূত্ৰই জনায় । সোমবাৰে বিধায়কসকলে পৰ্যবেক্ষকসকলক সাক্ষাৎ কৰিব নে কি বুলি সোধাত লোধাই কয়, যি বাৰ্তা প্ৰেৰণ কৰিব লাগিব সেয়া জনোৱা হৈছে। তেওঁ কৈছিল যে ৮২ জন বিধায়কে অধ্যক্ষক পদত্যাগ পত্ৰ দিছিল।
কিন্তু গেহলটৰ অনুগত বিধায়কসকলে তেওঁলোকৰ সমস্যাবোৰৰ বিষয়ত সোচ্চাৰ হৈছিল আৰু পাইলট শিবিৰৰ বিধায়কসকলে মন্তব্য দিয়াৰ পৰা বিৰত আছিল । গেহলটৰ অনুগত বিধায়কসকলে কৈছিল যে তেওঁলোকে পৰ্যবেক্ষকসকলৰ সন্মুখত দাবী উত্থাপন কৰিছে যে ১৯ অক্টোবৰত দলৰ সভাপতি নিৰ্বাচনৰ পিছত আৰু গেহলটৰ সৈতে আলোচনা কৰি নতুন মুখ্যমন্ত্ৰী নিৰ্বাচনৰ যিকোনো সিদ্ধান্ত লোৱা হ'ব ।
তেওঁলোকে এনে এজন ব্যক্তিও বিচাৰে যিয়ে ২০২০ চনত ৰাজনৈতিক সংকটৰ সময়ত কংগ্ৰেছ চৰকাৰৰ সৈতে থিয় দিছিল । গেহলটৰ অনুগতসকলে দেওবাৰে মন্ত্ৰী ধাৰিৱালৰ বাসভৱনত এক দীঘলীয়া বৈঠকৰ পিছত অধ্যক্ষ চি পি যোশীৰ ঘৰলৈ গৈ কয় যে তেওঁলোকে বিধায়কৰ পৰা পদত্যাগ কৰিছে ।