অসম

assam

By

Published : May 10, 2021, 3:19 PM IST

ETV Bharat / bharat

বিদেশৰ পৰা লাভ কৰা সাহায্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ

"কেন্দ্ৰীয় চৰকাৰে নিজৰ কাম ভালদৰে কৰা হ'লে, এতিয়া বিদেশৰ পৰা সাহাৰ্য ল'বলগীয়া পৰিস্থিতি সৃষ্টি নহ'লহেতেন" । ক'ভিডসৃষ্ট পৰিস্থিতিৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতে বিদেশৰ পৰা লাভ কৰা সাহায্য সন্দৰ্ভত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ।

Rahul Gandhi's reaction on foreign aid
বিদেশৰ পৰা লাভ কৰা সাহাৰ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ

নেশ্যনেল ডেস্ক, ১০ মে': পুনৰ কেন্দ্ৰক লক্ষ্য কৰি তীব্ৰ বাক্যবাণ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । সোমবাৰে তেওঁ টুইটযোগে কয় যে, কৰ'ণাৰ সৈতে যুঁজ দিয়াৰ বাবে বিদেশৰ পৰা সাহায্য লাভ কৰাৰ কথা কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে ঘোষণা কৰি থকাতো অতি শোচনীয় ।

তেওঁ লগতে কয় যে, চৰকাৰে নিজৰ কাম ভালদৰে কৰা হ'লে, এতিয়া বিদেশৰ পৰা এতিয়া এই পৰিস্থিতি সৃষ্টি নহ'লহেতেন । যোৱা সপ্তাহত কংগ্ৰেছে এই ক্ষেত্ৰত চৰকাৰক স্পষ্ট তথ্য দাঙি ধৰিবলৈ দাবী জনাইছিল । বিভিন্ন দেশৰ পৰা ভাৰতে লাভ কৰা সকলো সাহায্য সামগ্ৰীৰ বিৱৰণ ৰাজহুৱা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আহ্বান জনাইছিল । সোমবাৰে পুনৰ কংগ্ৰেছ নেতাগৰাকীয়ে চৰকাৰক সমালোচনা কৰে ।

বিদেশৰ পৰা লাভ কৰা সাহাৰ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ

উল্লেখ্য যে, ভাৰতত কৰ'ণা ভাইৰাছৰ সংক্ৰমণে সংকটৰ সৃষ্টি কৰিছে । এই বিপদৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ফ্ৰান্স, জাৰ্মানী, ইংলেণ্ড, আয়াৰলেণ্ড, বেলজিয়াম, ৰোমানিয়া, ছিংগাপুৰ, চুইডেন আৰু কুৱেইটকে ধৰি বহু সংখ্যক দেশৰ পৰা বৃহৎ পৰিমাণৰ চিকিৎসা সামগ্ৰী ভাৰতলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক:ভাৰতে 3 লাখ ৰেমডেচিবিৰকে ধৰি বিভিন্ন ক’ভিড সম্পৰ্কীয় চিকিৎসা সাহাৰ্য লাভ কৰিছে

ABOUT THE AUTHOR

...view details