নেশ্যনেল ডেস্ক, ৫ অক্টোবৰ :দুদিনীয়া ভ্ৰমণসূচীৰে নিৰ্বাচনমুখী ৰাজস্থানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁ যোধপুৰত ৫,৯০০ কোটি টকাৰ ১৮ টা উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে আৰু আধাৰশিলা স্থাপন কৰে । ইয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঐতিহাসিক ৰে'লৰো ফ্লেগ অফ কৰে । অনুষ্ঠানত উপস্থিত থাকি তেওঁ জনসাধাৰণক উদ্দেশ্যি কয় যে ভাৰত চৰকাৰে ৰাজস্থানৰ সকলো দিশত দ্ৰুত গতিত উন্নয়নৰ কাম কৰি আছে । তেওঁ লগতে কয় যে ৰাজস্থানৰ উন্নয়ন হ'লেহে ভাৰতৰ উন্নয়ন হ'ব । তেওঁৰ মতে সকলোৱে একেলগে ৰাজস্থানৰ উন্নয়ন কৰিব লাগিব ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সকলোৱে কৰা প্ৰচেষ্টাৰ ফলাফল দেখি আছে আৰু অনুভৱ কৰি আছে । ৰাজস্থানৰ ৰে'ল নেটৱৰ্ক উন্নত কৰাৰ দিশত কৰা কামৰ তালিকা প্ৰকাশ কৰি তেওঁ কয় যে এই বছৰ ৰে'লৱেৰ উন্নয়নৰ বাবে বাজেটত ৯৫০০ কোটি টকা দিয়া হৈছে । এই বাজেট পূৰ্বৰ চৰকাৰৰ বাৰ্ষিক গড় বাজেটতকৈ ১৪ গুণ বেছি বুলি তেওঁ দাবী কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে এয়া কোনো ৰাজনৈতিক বিবৃতি নহয় বুলি দাবী কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০১৪ চনলৈকে ৰাজস্থানত ৬০০ কিলোমিটাৰ ৰে'লপথত বৈদ্যুতিকৰণ কৰা হৈছিল আনহাতে যোৱা বছৰবোৰত ৩৭০০ কিলোমিটাৰৰো অধিক ৰে'লপথত বিদ্যুৎ সংযোগ কৰা হৈছে । একে সময়তে, অমৃত ভাৰত ৰে'ল ষ্টেচনৰ অধীনত ৰাজস্থানৰ ৮০টাতকৈও অধিক ৰে'ল ষ্টেচন নিৰ্মাণ কৰা হৈছে । দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকল য'লৈকে যায়, তেওঁ সেই ৰে'ল ষ্টেচনসমূহ উন্নত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।