অসম

assam

ETV Bharat / bharat

Rajya Sabha today: আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিব প্ৰধানমন্ত্ৰীয়ে

বৃহস্পতিবাৰে দিনৰ 2 বজাত সদনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi to reply on Motion of Thanks) ৷ 31 জানুৱাৰীত উচ্চ সদন আৰু নিম্ন সদনক উদ্দেশ্যি ভাষণ প্ৰদান কৰিছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ৷ অৱশ্যে ৰাষ্ট্ৰপতিৰ ভাষণক সমালোচনা কৰিছিল বিৰোধীয়ে ৷

By

Published : Feb 9, 2023, 9:34 AM IST

Rajya Sabha Session
আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিব প্ৰধানমন্ত্ৰীয়ে

নেশ্যনেল ডেস্ক, 9 ফেব্ৰুৱাৰী: ৰাজ্যসভাত চলি থকা বাজেট অধিৱেশনত বৃহস্পতিবাৰে অৰ্থাৎ আজি দূপৰীয়া 2 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Union Budget session 2023) ৷ বুধবাৰে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে সদৰী কৰে এই কথা (PM Modi to reply on Motion of Thanks) ৷ উল্লেখ্য যে, বুধবাৰে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে দিয়া ধন্যবাদ প্ৰস্তাৱৰ ওপৰত হোৱা বিতৰ্ক বুধবাৰে সমাপ্ত হয় ৷ বাজেট অধিৱেশনৰ প্ৰথম দিনা অৰ্থাৎ 31 জানুৱাৰীত উচ্চ আৰু নিম্ন উভয় সদনৰ সন্মুখত ভাষণ প্ৰদান কৰিছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ৷

সংসদৰ যুটীয়া বৈঠকৰ প্ৰথম ভাষণত দ্ৰৌপদী মূৰ্মুয়ে (Draupadi Murmu) উল্লেখ কৰিছিল যে, ‘‘প্ৰতিৰক্ষা, মহাকাশ, মহিলা সৱলীকৰণ আৰু উন্নত ভাৰত গঢ়ি তোলাৰ বাবে ‘অমৃত কাল’ৰ সময়ত চৰকাৰে এক নিৰ্ভীক আৰু নিৰ্ণায়ক ভূমিকা লৈ কোনো বৈষম্য অবিহনে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বিকাশৰ বাবে কাম কৰিছে ৷’’ চৰকাৰে গণতন্ত্ৰ আৰু সামাজিক ন্যায় সৃষ্টিৰ ক্ষেত্ৰত আহি পৰা বাধাৰ সৈতে মোকাবিলা কৰি থকা বুলিও তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰিছিল (President speech on budget session) ৷

অৱশ্যে ৰাষ্ট্ৰপতিৰ ভাষণক সমালোচনা কৰে বিৰোধীয়ে ৷ প্ৰধানমন্ত্ৰীয়ে বাজেট অধিৱেশনৰ আৰম্ভণিতে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱ দি কৈছিল যে, ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণত উভয় সদনক ৰাষ্ট্ৰ পৰিচালনাৰ বাবে দুৰদৰ্শী চিন্তাৰে নিৰ্দেশনা প্ৰদান কৰিছে ৷ ৰাষ্ট্ৰপতিৰ ভাষণে দেশৰ নাৰী শক্তিক অনুপ্ৰাণিত কৰাৰ লগতে ভাৰতৰ জনজাতীয় সম্প্ৰদায়সমূহৰ আত্মবিশ্বাস বৃদ্ধি কৰা বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ৷

ইফালে, প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ প্ৰস্তাৱত বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰাৰ লগতে বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি কৈছিল যে, ভাৰত গণতন্ত্ৰণ মাতৃ ৷ শক্তিশালী গণতন্ত্ৰৰ বাবে গঠনমূলক সমালোচনা গুৰুত্বপূৰ্ণ আৰু সেই সমালোচনা ‘শুদ্ধি যজ্ঞ’ৰ দৰে । সমান্তৰালভাৱে সদনত কংগ্ৰেছকো আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে (Modi slammed Congress on Rajya Sabha) ৷

বুধবাৰে প্ৰধানমন্ত্ৰীৰ ভাষণত গৌতম আদানিৰ (Gautam Adani debate on Rajya Sabha) প্ৰসংগই স্থান লাভ নকৰাত প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ গৌতম আদানি প্ৰধানমন্ত্ৰীৰ বন্ধু আৰু তেওঁক প্ৰধানমন্ত্ৰীয়ে ৰক্ষণাৱেক্ষণ দি থকাৰ অভিযোগো উত্থাপন কৰিছিল ৰাহুল গান্ধীয়ে ৷

কংগ্ৰেছক আক্ৰমণ কৰি বুধবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ক’ভিড মহামাৰী আৰু সংঘৰ্ষৰ ফলত পৃথিৱীৰ বহু ঠাইত অস্থিৰতাৰ সৃষ্টি হৈ আছে ৷ বিশ্বৰ বহু দেশে ভাৰতক লৈ আশাৰে বাট চাই আছে ৷ কিন্তু হতাশাত ভুগি থকা একাংশই ভাৰতৰ বিকাশৰ কাহিনী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ৷ তেওঁলোকে 140 কোটি ভাৰতীয়ৰ সাফল্য আৰু বিকাশ দেখিব নোৱাৰে ৷

লগতে পঢ়ক:Rahul Gandhi on Modi speech: গৌতম আদানিক প্ৰধানমন্ত্ৰীয়ে সুৰক্ষা প্ৰদান কৰিছে: ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details