অসম

assam

ETV Bharat / bharat

PM Modi 96th edition of Mann Ki Baat : বছৰৰ অন্তিমটো মন কি বাত অনুষ্ঠান প্ৰধানমন্ত্ৰীৰ

৯৬ সংখ্যক মন কি বাত অনুষ্ঠানৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দেশবাসীক সম্বোধন কৰিলে (PM Modi at Mann Ki Baat)। দেশবাসীক বৰদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে । ২০২২ বৰ্ষটো দেশবাসীৰ বাবে স্মৰণীয় হৈ ৰ'ব । ভাৰতক ২০২৫ চনৰ ভিতৰত যক্ষ্মামুক্ত কৰাৰ প্ৰতিশ্ৰুতি ।

PM Modi 96th edition of Mann Ki Baat
মন কি বাতেৰে দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ

By

Published : Dec 25, 2022, 3:13 PM IST

নেশ্যনেল ডেস্ক,২৫ ডিচেম্বৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন কি বাতৰ জৰিয়তে দেওবাৰে দেশবাসীক সম্বোধন কৰে (PM Modi Mann KI Baat)। অনুষ্ঠানটো পুৱা ১১ বজাৰ পৰা আৰম্ভ হয় । মন কি বাতত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে এই বছৰটো দেশৰ বাবে বিভিন্ন ধৰণে অনুপ্ৰেৰণাদায়ক হৈ আহিছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰটো এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ বাবেও স্মৰণীয় হৈ থাকিব (96th edition of Mann Ki Baat)।

মন কি বাতত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০২২ চনটো বিভিন্ন ধৰণে অনুপ্ৰেৰণাদায়ক আৰু আশ্চৰ্যজনক হৈ আহিছে । এই বছৰ ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছে আৰু এই বছৰ অমৃত কাল আৰম্ভ হৈছে (PM Modi about 2022 year in Mann Ki Baat)।

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে স্বাধীনতাৰ ৭৫ বছৰীয়া এই অভিযানত সমগ্ৰ দেশ ত্ৰিৰংগাময় হৈছে । ৬ কোটিতকৈও অধিক লোকে ত্ৰিৰংগাৰ সৈতে চেলফি প্ৰেৰণ কৰিছে (Har Ghar Tiranga mission)। এই বছৰ, ভাৰতে জি-২০ সন্মিলনৰ অধ্যক্ষতাৰ দায়িত্ব লাভ কৰিছে ।

২০২৩ বৰ্ষটোত জি-২০ৰ উৎসাহক এক নতুন শিখৰলৈ লৈ যাব লাগিব । প্ৰধানমন্ত্ৰীয়ে বৰদিনৰ শুভেচ্ছা জনাই কয় যে সমগ্ৰ বিশ্বতে বৰদিন ধুম-ধামেৰে উদযাপন কৰা হৈছে (PM greets on Christmas)। এই উৎসৱ ভগৱান যীচুৰ জীৱন, তেওঁৰ শিক্ষাক স্মৰণ কৰাৰ দিন বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

তেওঁ লগতে কয় যে ২০২২ বৰ্ষটো আন এটা কাৰণত সদায় স্মৰণীয় হৈ থাকিব । এইটো 'এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ' শ্ল'গানৰ এক সম্প্ৰসাৰণ । এইবছৰত দেশৰ জনসাধাৰণে একতা আৰু সংহতি উদযাপনৰ বাবে বহুতো অনুষ্ঠানৰ আয়োজন কৰিছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে অটল বিহাৰী বাজপেয়ীক স্মৰণ কৰি কয় যে আজি তেওঁৰ জন্মদিন (Atal Bihari Vajpayee birth anniversary)। তেওঁ এগৰাকী মহান ৰাজনীতিবিদ আছিল যিয়ে দেশখনক ব্যতিক্ৰমীভাৱে নেতৃত্ব দিছিল । প্ৰতিজন ভাৰতীয়ৰ মনত তেওঁৰ বাবে এক বিশেষ স্থান আছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

মন কি বাত অনুষ্ঠানত, ক'লা জ্বৰ প্ৰভাৱিত অঞ্চলৰ ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষ আহ্বান জনালে । তেওঁ কয় যে যেতিয়া আমি ক'লা জ্বৰৰ পৰা মুক্ত হম কিমান সুখৰ কথা হ'ব । ইজনে সিজনৰ বন্ধু হৈ যক্ষ্মা ৰোগীসকলৰ যত্ন লৈছে, তেওঁলোকক আৰ্থিকভাৱে সহায় প্ৰদান কৰিছে । ৰাজহুৱা সেৱা আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তিয়েহে কেৱল প্ৰতিটো কঠিন লক্ষ্যত উপনীত হ'ব পাৰি বুলি তেওঁ উল্লেখ কৰে ।

সকলোৰে প্ৰচেষ্টাৰ এই মনোভাৱৰ দ্বাৰা ভাৰতক ২০২৫ চনৰ ভিতৰত যক্ষ্মা মুক্ত কৰিব বুলিও তেওঁ উল্লেখ কৰে (TB free India)। যক্ষ্মৰ চিকিৎসা বিনামূলীয়া কৰাৰো প্ৰচেষ্টা কৰিছে চৰকাৰে । তেওঁ লগতে কয় যে যেতিয়া যক্ষ্ম মুক্ত ভাৰত অভিযান আৰম্ভ হৈছিল হাজাৰ হাজাৰ লোক যক্ষ্মা ৰোগীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল ।

নমামি গংগা অভিযান সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে (PM on Namami Ganga Mission)। তেওঁৰ মতে এই অভিযানৰ সফলৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে জনসাধাৰণৰ নিৰন্তৰ অংশগ্ৰহণ । তেওঁৰ মতে নমামি গংগা অভিযানত গংগা প্ৰহৰি আৰু গংগা বাৰ্তাবাহকসকলৰো ডাঙৰ ভূমিকা আছে । নমামি গংগা অভিযানৰ পৰিসৰ নদী পৰিষ্কাৰ কৰাতে সীমাবদ্ধ নহয় । এয়া আমাৰ ইচ্ছাশক্তি আৰু অক্লান্ত প্ৰচেষ্টাৰ পোনপটীয়া প্ৰমাণ বুলি তেওঁ উল্লেখ কৰে । একে সময়তে, ই পৰিৱেশ সুৰক্ষাৰ দিশত বিশ্বৰ বাবে এক নতুন পথ প্ৰদৰ্শন কৰিবলৈ ওলাইছে ।

প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে আমাৰ দেশত কলা আৰু সংস্কৃতি সম্পৰ্কে এক নতুন সজাগতা আহি আছে, এক নতুন চেতনা জাগ্ৰত হৈছে । মন কি বাতত, প্ৰায়ে এনে উদাহৰণৰ বিষয়ে আলোচনা কৰা হয় । তেওঁ উল্লেখ কৰা মতে কালপেনি দ্বীপত এটা ক্লাব আছে যাৰ নাম কুমেল ব্ৰাদাৰ্ছ চেলেঞ্জাৰ্ছ ক্লাব (PM Modi mention Kummel Brothers Challengers Club)। এই ক্লাবটোৱে যুৱসকলক স্থানীয় সংস্কৃতি আৰু পৰম্পৰাগত কলা সংৰক্ষণ কৰিবলৈ অনুপ্ৰাণিত কৰে । ইয়াত যুৱকসকলক স্থানীয় কলকলি, পৰিচাকলি, কিলিপ্পাট আৰু পৰম্পৰাগত লোক সংগীতৰ প্ৰশিক্ষণ দিয়া হয় । যিদৰে কলা, সাহিত্য আৰু সংস্কৃতি সমাজৰ অন্যতম অংগ, সেইবোৰক আগুৱাই নিয়াটো সমগ্ৰ সমাজৰ দায়িত্ব ।

ইয়াৰ পূৰ্বে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন কি বাতৰ (নৱেম্বৰ ২০২২) খণ্ডৰ ওপৰত আধাৰিত এখন পুথি উন্মোচন কৰে । য'ত ভাৰতৰ জি-২০ অধ্যক্ষতা, মহাকাশত অব্যাহত অগ্ৰগতি, বাদ্যযন্ত্ৰৰ ৰপ্তানি বৃদ্ধি আৰু অন্যান্য বিষয় অন্তৰ্ভুক্ত আছে । প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে এই ই-পুথিখন পঢ়িবলৈও ৰাইজক আহ্বান জনায় ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে ১৩ ডিচেম্বৰত লোকসকলক ২৫ ডিচেম্বৰ অৰ্থাৎ আজিৰ মন কি বাতৰ খণ্ডৰ বাবে তেওঁলোকৰ পৰামৰ্শ শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছিল । প্ৰধানমন্ত্ৰী মোডীয়ে লোকসকলক নমো এপ আৰু মাইগভ এপত লিখিবলৈ বা ১৮০০-১১-৭৮০০ ত তেওঁলোকৰ বাৰ্তা ৰেকৰ্ড কৰিবলৈ আহ্বান জনাইছিল । ইয়াৰ পূৰ্বে ৩০ নৱেম্বৰত প্ৰধানমন্ত্ৰী মোডীয়ে 'মন কি বাত'ৰ ৯৫ সংখ্য সংস্কৰণৰ সময়ত কৈছিল যে আমাৰ দেশ বিশ্বৰ আটাইতকৈ পুৰণি পৰম্পৰাৰ ঘৰ । সেয়েহে, আমাৰ পৰম্পৰা আৰু পৰম্পৰাগত জ্ঞান সংৰক্ষণ কৰা, ইয়াক প্ৰচাৰ কৰা আৰু ইয়াক যিমান সম্ভৱ সিমান দূৰ লৈ যোৱাটোও আমাৰ দায়িত্ব ।

লগতে পঢ়ক :Good governance day : প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক সোঁৱৰণ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details