অসম

assam

By

Published : Feb 7, 2021, 2:08 PM IST

ETV Bharat / bharat

এলাহাবাদ বিশ্ববিদ্যালয় সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত উপাচাৰ্য্যৰ

এলাহাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সংগীতা শ্ৰী বাস্তৱৰ এক ডাঙৰ সিদ্ধান্ত । বিশ্ববিদ্যালয়খনৰ ভেটি সুদৃঢ় কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ সংগীতা শ্ৰী বাস্তৱৰ । এতিয়াৰে পৰা বিশ্ববিদ্যালয়খনৰ প্ৰৱক্তাসকলে এজাহাৰ দাখিল কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ অনুমতি গ্ৰহণ কৰিব লাগিব ।

এলাহাবাদ বিশ্ববিদ্যালয় সন্দৰ্ভত গুৰুত্বৰ সিদ্ধান্ত সংগীতা শ্ৰী বাস্তৱৰ
এলাহাবাদ বিশ্ববিদ্যালয় সন্দৰ্ভত গুৰুত্বৰ সিদ্ধান্ত সংগীতা শ্ৰী বাস্তৱৰ

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশৰ এলাহাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সংগীতা শ্ৰী বাস্তৱৰ এক ডাঙৰ সিদ্ধান্ত । বিশ্ববিদ্যালয়খনৰ ভেটি সুদৃঢ় কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰে সংগীতা শ্ৰী বাস্তৱে । এতিয়াৰে পৰা বিশ্ববিদ্যালয়খনৰ প্ৰৱক্তাসকলে এজাহাৰ দাখিল কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ অনুমতি গ্ৰহণ কৰিব লাগিব ।

বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ বাক-বিতণ্ডা সন্দৰ্ভত কোনো সহকৰ্মীৰ বিৰুদ্ধে পোনপটীয়াকৈ আৰক্ষী থানাত উপস্থিত হৈ অভিযোগ দাখিল কৰিব নোৱাৰিব । সৰ্বপ্ৰথমে বিভাগীয় অধ্যক্ষ আৰু ডীনক বিষয় সন্দৰ্ভত অৱগত কৰিব লাগিব । পাচত তেওঁলোকে বিষয়টো পৰ্যবেক্ষণ কৰিব । যদিহে উক্ত বিষয়টো এজাহাৰ দাখিল কৰিবলগীয়া হয় তেন্তে বিভাগীয় অধ্যক্ষ আৰু ডীনৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰিব ।

দৰাচলতে, বিশ্ববিদ্যালয়খনৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আৰু ৰাজ্যিক পৰ্যায়ৰ বিষয়া এগৰাকীৰ কোনো এক বিষয়ত বাক-বিতণ্ডা হৈছিল । বিগত বৰ্ষৰ নৱেম্বৰ মাহত হোৱা এই বাক-বিতণ্ডা পৰৱৰ্তী সময়ত আৰক্ষীৰ ওচৰ চাপিবলগীয়া হয় । তাৰ পাচতেই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সংগীতা শ্ৰী বাস্তৱে এই সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক:উৰিষ্যাৰ বন বিষয়ালৈ ৰাষ্ট্ৰসংঘৰ সন্মান

ABOUT THE AUTHOR

...view details