অসম

assam

By

Published : Jun 27, 2023, 8:00 AM IST

ETV Bharat / bharat

Air India Urination Case: বিমানত শৌচ-প্ৰস্ৰাৱ কৰাৰ অভিযোগত বিমানবন্দৰত যাত্ৰীক গ্ৰেপ্তাৰ

পুনৰ এবাৰ এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰীয়ে প্ৰস্ৰাৱ আৰু শৌচ কৰাৰ ঘটনা চৰ্চালৈ আহিছে । মুম্বাইৰ পৰা দিল্লীলৈ অহা এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ মজিয়াত ৰাম সিং নামৰ এজন যাত্ৰীয়ে শৌচ আৰু প্ৰস্ৰাৱ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ ইতিমধ্যে এই অভিযোগত গ্ৰেপ্তাৰ হৈছে অভিযুক্ত ৰাম সিঙক ৷

Air India Urination Case
এয়াৰ ইণ্ডিয়াৰ বিমানত পুনৰ সংঘটিত হ’ল অঘটন

নেশ্যনেল ডেস্ক, 27 জুন :এয়াৰ ইণ্ডিয়াৰ বিমানত পুনৰ সংঘটিত হ’ল অঘটন ৷ উৰন্ত বিমানত পুনৰ প্ৰস্ৰাৱ কৰিলে এগৰাকী যাত্ৰীয়ে ৷ আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, মুম্বাই-দিল্লী এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ মজিয়াত শৌচ আৰু প্ৰস্ৰাৱ কৰাৰ অভিযোগত এজন লোকক আটক কৰা হৈছে ৷

উল্লেখ্য যে, 24 জুনত AIC 866 নম্বৰ বিমানত সংঘটিত হয় এই ঘটনাটো ৷ অৱশ্যে সোমবাৰেহে এই ঘটনাৰ কথা প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, বিমানখনৰ 17 এফ (17F) নম্বৰৰ আসনত থকা ৰাম সিং নামৰ এজন যাত্ৰীয়ে শৌচ-প্ৰস্ৰাৱ কৰে ৷ লগতে বিমানখনৰ 9 নং শাৰীত থু পেলাইছিল ৰাম সিঙে ৷

যাত্ৰীগৰাকীৰ অভব্য আচৰণৰ পাচতেই বিমানকৰ্মীয়ে লোকজনক মৌখিকভাৱে সতৰ্কবাণী দিয়াৰ লগতে পাইলটকো এই বিষয়ে অৱগত কৰিছিল ৷ ইয়াৰ পাচতেই বিমান কৰ্তৃপক্ষক ঘটনাটোৰ সন্দৰ্ভত অৱগত কৰাৰ লগতে আৰক্ষীক দাখিল কৰা হৈছিল এজাহাৰ ৷

লগতে পঢ়ক :Air India pilot refuses to fly : কামৰ সময় শেষ, বিমান উৰুৱাবলৈ অস্বীকাৰ পাইলটৰ

বিমানখন অৱতৰণ কৰাৰ পাচতেই লোকজনক এয়াৰ ইণ্ডিয়াৰ নিৰাপত্তাৰক্ষীয়ে আটক কৰি গতাই দিয়ে আৰক্ষীক ৷ আৰক্ষীয়ে লোকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 294 (অশ্লীল কাৰ্য) আৰু 510 (এজন সুৰাপান কৰা ব্যক্তিৰ দ্বাৰা ৰাজহুৱাভাৱে কৰা অভব্য আচৰণ) অধীনত এটা গোচৰ ৰুজু কৰিছে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ 26 নৱেম্বৰত এজন নিচাগ্ৰস্ত বিমান যাত্ৰীয়ে নিউয়ৰ্কৰ পৰা দিল্লীলৈ অভিমুখী এখন এয়াৰ ইণ্ডিয়াৰ বিমানত এগৰাকী মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ ঘটনা সংঘটিত হৈছিল ৷ আনহাতে, এই ঘটনাৰ 10 দিনৰ পাচত, 4 ডিচেম্বৰত পুনৰ পেৰিছ-নতুন দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানত এগৰাকী মহিলা যাত্ৰীৰ গাত আন এজন নিচাগ্ৰস্ত ব্যক্তিয়ে প্ৰস্ৰাস কৰিছিল ৷

লগতে পঢ়ক :Air India horror: এয়াৰ ইণ্ডিয়া বিমানত মহিলাৰ গাত প্ৰস্ৰাৱ কৰা সুৰাসক্ত কোন এই শংকৰ মিশ্ৰ ?

ABOUT THE AUTHOR

...view details