নেশ্যনেল ডেস্ক,৩ মে':ওড়িশাৰ বালাচোৰৰ ৰে'ল দুৰ্ঘটনাক লৈ দেশজুৰি শোকৰ ছাঁ পৰিছে (Balasore train accident)। প্ৰাপ্ত খবৰ অনুসৰি দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৩৮ লৈ বৃদ্ধি পাইছে । ইফালে তিনিখনকৈ ৰে'লৰ দুৰ্ঘটনাৰ ফলত ৯০০ৰো অধিক লোক আহত হৈছে । এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ।
পুৱাই মুখ্যমন্ত্ৰী নবীন পাটনায়ক বালাচোৰ জিলাৰ বাহানাগা বজাৰ ৰে'ল ষ্টেচনৰ সমীপৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে (Odisha CM at Balasore)। তেওঁ পৰিস্থিতিৰ বুজ লয় আৰু ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ উদ্ধাৰকাৰী দলৰ সৈতে বাৰ্তালাপ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ শীৰ্ষ বিষয়া আৰু ৰাজহ কৰ্তৃপক্ষৰ সৈতেও উদ্ধাৰ অভিযানৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে ।
ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আহত আৰু ডবাত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰাটো অভিযানত তাৎক্ষণিক অগ্ৰাধিকাৰ দিয়া হ'ব । ঘটনাস্থলী ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কেইবাগৰাকী মন্ত্ৰী, বিধায়ক আৰু সাংসদো উপস্থিত থাকে । ইফালে দুৰ্ঘটনাত নিহত লোকৰ পৰিয়াল আৰু দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে বিষয়া আৰু নেতাসকলক তেওঁলোকৰ সমস্যাৰ বিষয়ে বৰ্ণনা কৰে ।