অসম

assam

PM Modi in SCO summit : সন্ত্ৰাসবাদক লৈ সৰৱ প্ৰধানমন্ত্ৰী মোদী, নীৰৱে শুনি থাকিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী

By

Published : Jul 4, 2023, 5:05 PM IST

ভাৰতে সভাপতিত্ব কৰা ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত সন্ত্ৰাসবাদক লৈ পুনৰ সৰৱ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সন্মুখতে নাম নোলোৱাকৈ সন্ত্ৰাসবাদক সমৰ্থন কৰা পাকিস্তানক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰীৰ । ৰাছিয়াৰ প্ৰধানমন্ত্ৰী পুটিনৰ সমৰ্থন ।

PM Modi in SCO summit
সন্ত্ৰাসবাদক লৈ সৰৱ প্ৰধানমন্ত্ৰী মোদী

নেশ্যনেল ডেস্ক,৪ জুলাই :ভাৰতে মঙলবাৰে এছচিঅ' সন্মিলনৰ সভাপতিত্ব কৰে । এই সন্মিলনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ এবাৰ আক্ৰমণ কৰিলে চিৰবৈৰী পাকিস্তানক । নাম নোলোৱাকৈয়ে সন্ত্ৰাসবাদক আশ্ৰয় দিয়া এছচিঅ'ৰ অন্যতম সদস্য পাকিস্তানক দ্ব্যর্থহীনভাৱে গৰিহণা দিয়ে । পাকিস্তানৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁ অভিযোগ কৰে যে যি সময়ত অৰ্থনৈতিক বিকাশৰ নতুন পথ মুকলি কৰি আঞ্চলিক সহযোগিতা বৃদ্ধিৰ জৰিয়তে সদস্য ৰাষ্ট্ৰসমূহৰ লোকসকলৰ জীৱন উন্নত কৰাৰ ওপৰত নতুনকৈ গুৰুত্ব দিয়া হয়, তেতিয়াই পাকিস্তানে এক নেতিবাচক ভূমিকা পালন কৰি আছে ।

সন্মিলনত অংশগ্ৰহণ কৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ সন্মুখতে দেশৰ নাম নোলোৱাকৈ প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক সমালোচনা কৰে যদিও প্ৰধানমন্ত্ৰী মোদীৰ কথা নীৰৱে শুনি থাকিল পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কোনো দ্বিতীয় কথা কোৱা উচিত নহয়, যি আঞ্চলিক আৰু গোলকীয় শান্তিৰ বাবে ভাবুকি । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সকলোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিব লাগিব ।

পাকিস্তানক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে একাংশ দেশে তেওঁলোকৰ নীতিৰ অংশ হিচাপে সন্ত্ৰাসবাদ ব্যৱহাৰ কৰে আৰু সন্ত্ৰাসবাদীসকলক আশ্ৰয় দিয়ে । এছচিঅ'য়ে এনে দেশবোৰক সমালোচনা কৰিবলৈ কুণ্ঠাবোধ কৰা উচিত নহয় । এছচিঅ' দেশবোৰে ইয়াক গৰিহণা দিয়া উচিত । সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কোনো বিকল্প মানদণ্ড থাকিব নালাগে বুলিও প্ৰধানমন্ত্ৰীয়ে জোৰ দিয়ে ।

প্ৰধানমন্ত্ৰী মোদীয়ে সদস্য ৰাষ্ট্ৰসমূহক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিবলৈ আহ্বান জনায় । তেওঁ শান্তি প্ৰতিষ্ঠাৰ বাবে ভাৰতৰ ভূমিকাৰ বিষয়েও কয় । আফগানিস্তান সন্দৰ্ভত ভাৰতৰ উদ্বেগ আৰু প্ৰত্যাশা এছচিঅ'ৰ বেছিভাগ সদস্য দেশৰ দৰে একে বুলিও তেওঁ উল্লেখ কৰে । প্ৰধানমন্ত্ৰীৰ মতে আফগানিস্তানৰ জনসাধাৰণৰ কল্যাণৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টা কৰিব লাগিব । চুবুৰীয়া ৰাষ্ট্ৰসমূহত অস্থিৰতা বিয়পাবলৈ বা সন্ত্ৰাসবাদী মতাদৰ্শৰ প্ৰচাৰৰ বাবে আফগানিস্তানৰ ভূমি ব্যৱহাৰ নকৰাটো গুৰুত্বপূৰ্ণ বুলিও প্ৰধানমন্ত্ৰীয়ে কয় ।

বৈঠকত অংশগ্ৰহণ কৰা অন্যতম নেতা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও প্ৰধানমন্ত্ৰী মোদীক সমৰ্থন কৰে । সন্মিলনত ভাষণ প্ৰদান কৰি পুটিনে কয় যে ছাংহাই সহযোগিতা সংস্থাৰ অগ্ৰাধিকাৰ হ'ব লাগিব সন্ত্ৰাসবাদ বিৰোধী, মৌলবাদ বিৰোধী, উগ্ৰবাদ আৰু ড্ৰাগছ সৰবৰাহ প্ৰতিৰোধ কৰা ।

লগতে পঢ়ক :PM Modi to host SCO Summit : ভাৰ্ছুৱেল এছচিঅ’ সন্মিলনৰ সভাপতিত্ব ভাৰতৰ

ABOUT THE AUTHOR

...view details