নেশ্যনেল ডেস্ক,২৯ ডিচেম্বৰ :জনতা দল (ইউনাইটেড)ৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদ ত্যাগ কৰিলে লালন সিঙে । দীৰ্ঘদিন ধৰি লালন সিঙৰ পদত্যাগক লৈ চৰ্চা চলি থকাৰ মাজতে এই কথা অৱশেষত নিশ্চিত হ'ল । ২০২৩ চনৰ অন্তিম সময়খিনিত দেশৰ ৰাজনীতিত এই খবৰে ব্যাপক চৰ্চা লাভ কৰিছে । দিল্লীত জেডিইউৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত লালন সিঙে ৰাষ্ট্ৰীয় সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে । সূত্ৰৰ মতে লালন সিঙে নিজেই পদত্যাগৰ প্ৰস্তাৱ দিছে ।
লালন সিঙে পদত্যাগ কৰাৰ পিচতে বিহাৰৰ মন্ত্ৰী বিজয় কুমাৰ চৌধুৰীয়ে কয় যে নীতিশ কুমাৰ হ'ব দলৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি । ৰাষ্ট্ৰীয় পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হ'ব । যদি বৈঠকত এই প্ৰস্তাৱটো অনুমোদিত হয়, তেন্তে স্বাভাৱিকতে নীতিশ কুমাৰ হ'ব ৰাষ্ট্ৰীয় সভাপতি । একে সময়তে, কেচি ত্যাগীয়ে কৈছে যে সম্পূৰ্ণ তথ্য ৫ বজাৰ এখন সংবাদমেলত প্ৰকাশ কৰা হ'ব ।
বিহাৰৰ মন্ত্ৰী তথা জেডিইউৰ নেতা বিজয় কুমাৰ চৌধুৰীয়ে কয় যে লালন সিঙে নিজেই কৈছে যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পূৰ্বেও তেওঁ পদটো গ্ৰহণ কৰিছিল । কিন্তু এতিয়া তেওঁ নিৰ্বাচনৰ বাবে নিৰন্তৰ ৰাজ্যৰ বাহিৰত থাকিব লাগিব । সেয়েহে তেওঁ মুখ্যমন্ত্ৰীক এই পদগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।