অসম

assam

ETV Bharat / bharat

Buxar Train Accident : ৰে'ল দুৰ্ঘটনাৰ ভুক্তভোগীসকলৰ বাবে ক্ষতিপূৰণ ঘোষণা নীতিশ কুমাৰৰ

বক্সাৰৰ ৰে'ল দুৰ্ঘটনাত নিহতসকলৰ আত্মীয়লৈ ৪ লাখকৈ টকা প্ৰদানৰ ঘোষণা বিহাৰৰ মুখ্যমন্ত্ৰীৰ । আহতসকলৰ প্ৰতিগৰাকীলৈ ৫০ হাজাৰকৈ টকা প্ৰদানৰ ঘোষণা । ৰে'ল বিভাগে দুৰ্ঘটনাৰ তদন্তৰো ঘোষণা কৰিছে ।

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 3:34 PM IST

Buxar Train Accident
ৰে'ল দুৰ্ঘটনাৰ ভুক্তভোগীসকলৰ বাবে ক্ষতিপূৰণ ঘোষণা নীতিশ কুমাৰৰ

নেশ্যনেল ডেস্ক,১২ অক্টোবৰ :বিহাৰৰ বক্সাৰত হোৱা ৰে'ল দুৰ্ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । দুৰ্ঘটনাটোক লৈ শোকপ্ৰকাশ কৰাৰ লগতে নিহত লোকসকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনাও কৰে নীতিশ কুমাৰে । লগতে ক্ষতিপূৰণো ঘোষণা কৰে । তেওঁ ৰে'লৱেৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে প্ৰশাসনে অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে ।

উল্লেখ্য যে বিহাৰৰ বক্সাৰৰ ৰঘুনাথপুৰ ষ্টেচনৰ সমীপত যোৱা নিশা নৰ্থ ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত হয় । ৰে'লখনৰ ২১ টাকৈ দবা লাইনচ্যুত হয় । য'ত ৩ টা দবা সম্পূৰ্ণ উলটি যায় । এতিয়ালৈকে, এই দুৰ্ঘটনাত ৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । নিহতসকলৰ ভিতৰত এগৰাকী মহিলা আৰু তেওঁৰ কন্যা আছে । লগতে আন দুজন যুৱকো নিহত হৈছে ।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰে'ল দুৰ্ঘটনাত নিহত সকলৰ আত্মীয়সকলক ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে । একে সময়তে, আঘাতপ্ৰাপ্ত যাত্ৰীসকলক ক্ষতিপূৰণ হিচাপে ৫০ হাজাৰকৈ টকা প্ৰদানৰ কথাও কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে দুৰ্ঘটনাৰ সময়ৰ পৰাই দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নিৰন্তৰ নিৰীক্ষণ কৰি আছে আৰু ঘটনাস্থলীত উপস্থিত হৈ আহত যাত্ৰীসকলক চিকিৎসালয়লৈ লৈ যোৱা আৰু সুবিধা প্ৰদান কৰাৰ বাবে সকলো কাম কৰা হৈছে ।

নীতিশ কুমাৰে কয় যে তেওঁ অটল বিহাৰী বাজপেয়ী চৰকাৰত ৰে'ল মন্ত্ৰী আছিল আৰু সেই সময়ত ৰে'ল দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ তেওঁ বহু কাম কৰিছিল । ফলস্বৰূপে ৰে'ল দুৰ্ঘটনা হ্ৰাস পাইছে বুলি তেওঁ দাবী কৰে । এনে ধৰণৰ ঘটনা যাতে প্ৰতিৰোধ কৰিব পাৰি তাৰ বাবে ৰে'ল বিভাগে মনোযোগ দিয়া উচিত বুলিও তেওঁ দাবী কৰে ।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মতে বক্সাৰৰ দুৰ্ঘটনাটোৰ পাছত জিলা প্ৰশাসনৰ লোকসকল সাহায্যৰ কামত নিয়োজিত হৈ আছে । একে সময়তে, উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱেও জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছে আৰু সকলো সম্ভৱ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছে । আনহাতে ৰে'ল দুৰ্ঘটনাটোৰ তদন্তৰো ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক :Helpline numbers issued : বিহাৰৰ ৰে'ল দুৰ্ঘটনাৰ পাছতে কেইবাটাও ষ্টেচনৰ বাবে হেল্পলাইন নম্বৰ মুকলি

ABOUT THE AUTHOR

...view details