অসম

assam

By

Published : Jun 9, 2021, 2:01 PM IST

ETV Bharat / bharat

CO-WIN ত নতুন সুবিধা সংযোজন

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে হিতাধিকাৰীসকলৰ বাবে ক'ভিড টীকাকৰণ প্ৰমাণপত্ৰ ত্ৰুটিমুক্ত হোৱাটো নিশ্চিত কৰিবলৈ ক'উইন(CO-WIN) প্লেটফৰ্মত 'ৰেইজ এ ইছ্যু'(Raise an Issue) নামৰ এক বিশেষ সুবিধা যোগ কৰা হৈছে ।

CoWIN platform
ক'উইন প্লেটফৰ্মত নতুন সুবিধা সংযোজন

নেশ্যনেল ডেস্ক,৯ জুন: ক'উইন(CoWIN) প্লেটফৰ্মত এক নতুন বিশেষ সুবিধাৰ সংযোজন । হিতাধিকাৰীসকলৰ ক'ভিড টীকাকৰণ প্ৰমাণপত্ৰ ত্ৰুটিমুক্ত হোৱাটো নিশ্চিত কৰিবলৈ যোগ কৰা হৈছে 'ৰেইজ এ ইছ্যু'(Raise an Issue) নামৰ বিশেষ সুবিধা ৷

ক'ভিড টীকাকৰণ প্ৰমাণপত্ৰত অসাৱধানতাপূৰ্ণ নাম, জন্মৰ বছৰ আৰু লিংগৰ ক্ষেত্ৰত যদি ত্ৰুটি থাকে তেনেহ'লে ব্যৱহাৰকাৰীসকলে এতিয়াৰে পৰা সংশোধন কৰিব পাৰিব । ইয়াৰ বাবে ব্যৱহাৰকাৰীসকলে www.cowin.gov.in ত গৈ আৰু 'ৰেইজ এ ইছ্যু'(Raise an Issue)ত ক্লিক কৰিব লাগিব । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব বিকাশ শীলে টুইটযোগে ৰাইজক এই নতুন সুবিধাৰ বিষয়ে অৱগত কৰে ।

ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে মঙলবাৰলৈ দেশজুৰি টীকাকৰণ অভিযানৰ জৰিয়তে ২৩ কোটি ৬১ লাখ ৯৮ হাজাৰ ৭২৬ টা ক'ভিড ভেকচিনৰ পালি প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক:ভাৰতৰ প্ৰথম সৌৰ মহাকাশ অভিযানত ARIESয়ে সহায় কৰিব ISROক

ABOUT THE AUTHOR

...view details