অসম

assam

ETV Bharat / bharat

NMML name changed : নেহৰু মেম'ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰীৰ নাম সলনিকলৈ অসন্তুষ্ট ৰাহুল

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নেহৰু মেম'ৰিয়েল মিউজিয়াম আৰু লাইব্ৰেৰীৰ নাম পৰিৱৰ্তন কৰাক লৈ উদ্বেগ প্ৰকাশ কৰিছে । নেহৰু কামৰ বাবেহে জনাজাত নামৰ বাবে নহয় ।

By

Published : Aug 17, 2023, 5:07 PM IST

NMML name changed
নেহৰু মেম'ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰীৰ নাম সলনিকলৈ অসন্তুষ্ট ৰাহুল

নেশ্যনেল ডেস্ক,১৭ আগষ্ট :জৱাহৰলাল নেহৰুৰ কৰ্মই তেওঁৰ পৰিচয় । এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । নেহৰু মেম'ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰীৰ পৰা নেহৰুৰ নাম আঁতৰোৱা সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে । ৰাহুল গান্ধীয়ে হিন্দীত কয়,'নেহৰু জী কি পেহচান উনকে কৰম হে, উনকা নাম নেহি'। অৰ্থাৎ তেওঁৰ নাম নহয় কামৰ বাবেহে জনাজাত নেহৰু ।

উল্লেখ্য যে সোমবাৰে নেহৰু মেম'ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰীক আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় আৰু পুথিভঁৰাল চ'ছাইটী হিচাপে নামাকৰণ কৰা হৈছে । সংগ্ৰহালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ঘোষণা কৰে যে ইয়াৰ নাম ১৪ আগষ্টৰ পৰা কাৰ্যকৰী হ'ব । প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় আৰু পুথিভঁৰাল চ'ছাইটীৰ কাৰ্যবাহী পৰিষদৰ উপাধ্যক্ষ এ সূৰ্য প্ৰকাশে পূৰ্বে সামাজিক মাধ্যমৰ প্লেটফৰ্ম 'এক্স'ত এই ঘোষণা কৰিছিল ।

ইয়াৰ পূৰ্বে জুনৰ মাজভাগত নেহৰু মেম'ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰী চ'ছাইটীৰ এক বিশেষ সভাত ইয়াৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । ইফালে সংগ্ৰহালয়ৰ পুনৰ নামাকৰণকলৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । বিশেষকৈ বিৰোধী কংগ্ৰেছে চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ।

সূত্ৰৰ মতে নাম সলনি কৰিবলৈ কিছুমান প্ৰশাসনিক প্ৰক্ৰিয়া পালন কৰাৰ প্ৰয়োজন আছিল । নতুন নামৰ এই সিদ্ধান্তত কিছুদিন পূৰ্বে মোহৰ লগোৱা হৈছিল । অনুমোদন অহাৰ পাছত কৰ্তৃপক্ষই ১৪ আগষ্টত নাম সলনি কৰাৰ বাবে তাৰিখটো বাছনি কৰিছিল ।

ইয়াৰ পূৰ্বে, জুন মাহত এনএমএমএল চ'চাইটীৰ বিশেষ বৈঠকত সভাপতিত্ব কৰিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । চ'ছাইটীৰ উপ-সভাপতি হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰে । ৰাজনাথ সিঙে নাম সলনি কৰাৰ প্ৰস্তাৱক আদৰণি জনাইছিল । মন্ত্ৰালয়ে জনোৱা মতে প্ৰতিষ্ঠানটোৱে জৱাহৰলাল নেহৰুৰ পৰা নৰেন্দ্ৰ মোডীলৈ সকলো প্ৰধানমন্ত্ৰীৰ অৱদান আৰু তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ প্ৰতি তেওঁলোকৰ সঁহাৰি প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক :Nitish Kumar Delhi visit: বিৰোধীক শক্তিশালী কৰাৰ মন্ত্ৰ লৈ দিল্লীত নীতিশ

For All Latest Updates

ABOUT THE AUTHOR

...view details