নিউজ ডেস্ক, 26 ডিচেম্বৰ: এজন ব্যক্তিৰ মৃত্যুৰ সৈতে জড়িত গোচৰত জেললৈ যোৱা কংগ্ৰেছ নেতা নৱজোৎ সিং সিদ্ধু গণৰাজ্য দিৱসত মুকলি হৈ আহিব পাৰিব (Navjot Sidhu will come out of jail)। ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ কাৰাগাৰ বিভাগে মুকলি কৰি দিবলগীয়া ৫০ জনৰো অধিক কয়দীৰ মাজত সিদ্ধুৰ নাম সন্নিবিষ্ট কৰা হৈছে ৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰীলৈ আৰু তাৰ পিছত ৰাজ্যৰ ৰাজ্যপালৰ ওচৰলৈ চূড়ান্ত অনুমোদনৰ বাবে প্ৰেৰণ কৰিব লাগিব ।
সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, ভাৰত চৰকাৰৰ নীতি অনুসৰি গণৰাজ্য দিৱসত মুকলি হ’বলগীয়া কয়দীৰ প্ৰস্তাৱিত তালিকাত সিদ্ধুৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । সিদ্ধুৰ ভাল আচৰণৰ প্ৰতিবেদনো জেল বিভাগে দিছে । ‘স্বাধীনতাৰ লাভ’ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ নিৰ্দেশনা অনুসৰি নৱজোৎ সিং সিদ্ধুক মুকলি কৰি দিব পাৰিব (Congress leader Navjot Singh Sidhu) । সূত্ৰসমূহে লগতে কয় যে, সিদ্ধুৰ গোচৰটো বিশেষভাৱে লোৱা হোৱা নাছিল যদিও কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি নিৰ্মাণ কৰা তালিকাত নৱজোৎ সিং সিদ্ধুৰ নামকে ধৰি 50 টাতকৈও অধিক নাম আছে ৷
মে’ মাহৰ পৰা জেলত থকা সিদ্ধুৱে কেৰাণী হিচাপে কাম কৰি আছে (Navjot Singh Sidhu in Jail) ৷ কাৰাবাস কালত তেওঁ কোনো ছুটী লোৱা নাই তথা জেলত তেওঁৰ আচৰণ ভাল । মুখ্যমন্ত্ৰী ভগৱন্ত মনৰ সৈতেও সিদ্ধুৰ ভাল সম্পৰ্ক আছে ।