অসম

assam

By

Published : Nov 23, 2020, 8:33 PM IST

ETV Bharat / bharat

তৰুণ গগৈৰ মৃত্যুত শোকপ্ৰকাশ নবীন পাটনায়কৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৷ টুইটাৰৰ জৰিয়তে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই শোক প্ৰকাশ কৰিছে ৷

নবীন পাটনায়ক
নবীন পাটনায়ক

ভূৱনেশ্বৰ,23 নৱেম্বৰ : ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ নেতাসকলৰ লগতে ৰাজ্যবাসীয়ে ৷ বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীয়ে ক’ভিড 19 ত আক্ৰান্ত হোৱাৰ পিছত শৰীৰৰ প্ৰায়বোৰ অংগ বিকল হৈ পৰিছিল ৷ দীৰ্ঘদিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ থকা গগৈয়ে সোমবাৰে সন্ধিয়া 5.34 বজাত মৃত্যুক সাৱটি লয় ৷ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৷ টুইটাৰৰ জৰিয়তে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই শোক প্ৰকাশ কৰিছে ৷

ওড়িশাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত এই শোকপ্ৰকাশ কৰি তৰুণ গগৈ এগৰাকী জনপ্ৰিয় ৰাজনীতিবিদ আছিল বুলি উল্লেখ কৰে ৷ তদুপৰি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত এইগৰাকী ৰাজনীতিবিদৰ ভূমিকা উল্লেখনীয় বুলি প্ৰকাশ কৰে পাটনায়কে ৷ শোকসন্তপ্ত গগৈৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ওড়িশাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে চাওকঃঅনন্ত ধামলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...

ABOUT THE AUTHOR

...view details