নেশ্যনেল ডেস্ক, ৭ মে': তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিলে এম কে ষ্টেলিনে । শুকুৰবাৰে আন ৩৩ জন মন্ত্ৰী লগত লৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ডিএমকেৰ সভাপতিগৰাকীয়ে । মন্ত্ৰীসকলৰ ভিতৰত আছে ১৯ জন প্ৰাক্তন মন্ত্ৰী । এইবাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈছে ১৫ জন নতুন মন্ত্ৰীৰ নাম । দুগৰাকী মহিলাকো মন্ত্ৰীত্বৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে । কি কি দপ্তৰৰ দায়িত্ব কোনগৰাকী বিধায়কক অৰ্পণ কৰা হ'ব, সেই সন্দৰ্ভত ষ্টেলিনৰ আগবঢ়োৱা পৰামৰ্শাৱলীত বৃহস্পতিবাৰে তামিলনাডুৰ ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিতে অনুমোদন জনাইছিল । অৱশ্যে এই মন্ত্ৰীৰ তালিকাত স্থান পোৱা নাই ষ্টেলিনৰ পুত্ৰ উদয়ানিধি ষ্টেলিনে । ডিএমকেয়ে মিত্ৰশক্তিৰ সৈতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে ।
মন্ত্ৰীৰ তালিকা :
১) এম কে ষ্টেলিন, মুখ্যমন্ত্ৰী
ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় আৰক্ষী সেৱা, অন্যান্য সৰ্বভাৰতীয় সেৱা, ৰাজহুৱা, সাধাৰণ প্ৰশাসন, আৰক্ষী, গৃহ, বিশেষ পদক্ষেপ, বিশেষ কাৰ্যসূচী ৰূপায়ণ, বিশেষভাৱে সক্ষম লোকৰ কল্যাণৰ দায়িত্ব অৰ্পণ কৰা হৈছে ষ্টেলিনৰ হাতত ।
২) ডুৰাইমুৰুগণ : জল সম্পদ মন্ত্ৰী
৩) কে এন নেহৰু : পৌৰ প্ৰশাসন মন্ত্ৰী
৪) আই পেৰিয়াস্বামী : সহযোগিতা মন্ত্ৰী
৫) কে প'নমুদি : উচ্চ শিক্ষা মন্ত্ৰী
৬) ই ভি ভেলু : লোক নিৰ্মাণ
৭) এম আৰ কে পন্নীৰছেলভম : কৃষি মন্ত্ৰী
৮) কে কে এছ এছ আৰ ৰামচন্দ্ৰন : ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী
৯) থাংগাম থেন্নাৰাছু : উদ্যোগ মন্ত্ৰী
১০) এছ ৰঘুপতি : আইন মন্ত্ৰী
১১) এছ মুথুস্বামী : গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰী
১২) কে আৰ পেৰিয়াকাৰুপ্পান : গ্ৰামোন্নয়ন মন্ত্ৰী
১৩) টি এম আনবাৰাছান : গ্ৰাম্য উদ্যোগ মন্ত্ৰী
১৪) এম পি স্বামীনাথন : তথ্য আৰু প্ৰচাৰ মন্ত্ৰী
১৫) পি গীতা জীৱন : সমাজ কল্যাণ আৰু মহিলা সৱলীকৰণ মন্ত্ৰী
১৬) অনিতা আৰ ৰাধাকৃষ্ণণ : মীন মন্ত্ৰী