নেশ্যনেল ডেস্ক, 9 আগষ্ট:2022ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ(UP election 2022) বাবে চলোৱা প্ৰস্তুতিৰ অংশ হিচাপে বিজেপি চৰকাৰৰ বিৰুদ্ধে পদযাত্ৰা কৰিবলৈ সাজু হৈছে কংগ্ৰেছ ৷ সেই অনুসৰি কংগ্ৰেছে 9 আৰু 10 আগষ্টত উত্তৰ প্ৰদেশৰ প্ৰতিটো বিধানসভা সমষ্টিত পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ মূলতঃ বৰ্ধিত মুদ্ৰাস্ফিতী, নিবনুৱা সমস্যা, কৃষকৰ দুৰ্দশা আৰু আইন-শৃংখলাৰ অৱনতি আদি বিষয়ৰ বিৰুদ্ধে মাত মাতিবলৈ কংগ্ৰেছে এই কাৰ্যসূচী গ্ৰহণ কৰিছে ৷
কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যখনৰ মুঠ 403টা বিধানসভা সমষ্টিৰ প্ৰতিটোতে কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিব ৷ জানিব পৰা মতে, এই আন্দোলনত ৰাজ্যিক পৰ্যায়ৰ নেতাসকলৰ লগতে ন্যায় পঞ্চায়তৰ(Nyaya Panchayat) কাৰ্যালয়ৰ বিষয়াসকলক বেলেগ বেলেগ দায়িত্ব প্ৰদান কৰা হৈছে ৷ পদযাত্ৰাক সাফল্যমণ্ডিত কৰিবৰ বাবে 400 নেতাক দায়িত্ব প্ৰদান কৰা হৈছে ৷ ইয়াৰ লগতে বিধানসভা নিৰ্বাচনৰ বাবে সাম্ভাৱ্য প্ৰতিদ্বন্দ্বী সকলকো আন্দোলনটো সফল কৰাত সৰ্বশক্তি প্ৰয়োগ কৰাৰ বাবে আহ্বান জনোৱা হৈছে ৷