নেশ্যনেল ডেস্ক,২৩ নৱেম্বৰ :দেশৰ ৰাজধানী দিল্লীৰ উত্তৰ-পূবত হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে । মাত্ৰ ৩৫০ টকাৰ বাবে এজন কিশোৰক নিৰ্মমভাৱে হত্যা আন এজন কিশোৰৰ । ইতিমধ্যে ঘটনাটোৰ চিচিটিভি ফুটেজ পোহৰলৈ আহিছে । চিচিটিভি ফুটেজটোত ভয়ংকৰ হত্যাকাণ্ডৰ দৃশ্য বন্দী হৈছে আৰু সকলোকে আচৰিত কৰি তুলিছে । ১৬ বছৰীয়া কিশোৰজনে ভুক্তভোগীজনক প্ৰায় ৫০ বাৰকৈ নিৰ্মমভাৱে ছুৰী আক্ৰমণ কৰিছে । আনহাতে মূৰত লাঠিৰেও আক্ৰমণ কৰিছিল । তেজেৰ লুতুৰি পুতুৰি কিশোৰজনক পাছত এটা লুংলুঙীয়া গলিলৈ টানি লৈ গৈছিল আৰু তেওঁৰ শৰীৰৰ সন্মুখত নাচিছিল ।
ঘটনাটো মঙলবাৰে নিশা প্ৰায় ১০:২০ বজাত সংঘটিত হৈছিল । আৰক্ষীৰ তথ্য অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত মৃত কিশোৰজনৰ ডিঙি, কাণ আৰু মুখত ছুৰীৰ আঘাতৰ দাগ আছিল । মৃতকৰ শৰীৰত প্ৰায় ৫০ টা ছুৰীৰ আঘাত পোৱা গৈছে । ইফালে অভিযুক্ত কিশোৰজনক বুধবাৰে পুৱা আৰক্ষীয়ে জিম্মাত লৈছে । তেওঁৰ বিৰুদ্ধে হত্যাৰ এটা গোচৰো ৰুজু কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে আক্ৰমণৰ সময়ত কিশোৰজন সুৰামত্ত অৱস্থাত আছিল । মৃত কিশোৰজনক জাফৰাবাদৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে ।