নেশ্যনল ডেস্ক, 27 অক্টোবৰ :মঙলবাৰে চেন্নাইৰ পৰা প্ৰায় ২৬২ কিল’মিটাৰ দূৰত্বত অৱস্থিত শংকৰপুৰমৰ এখন আতচবাজীৰ বিপণীত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৬ জন লোক নিহত হয় ৷ তদুপৰি আন দহজন লোক আহত হৈছে ৷ আহতসকলক স্থানীয় কাল্লাকুৰিচি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
অগ্নি নিৰ্বাপক বাহিনীৰ লগতে উদ্ধাৰকাৰী দল ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় ৷ প্ৰায় দুঘণ্টাতকৈও অধিক সময়ৰ পিছত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছিল দলটোৱে ৷ বিপণীখনত মজুত থকা আতচবাজীৰ পৰাই জুইৰ সূত্ৰপাত ঘটে আৰু ততালিকে জুইৰ লেলিহান শিখাই সমগ্ৰ বিপণীখনক আগুৰি ধৰে ৷ এই অগ্নিকাণ্ডৰ সময়ত অহৰহভাৱে আতজবাজীৰ শব্দ শুনা গৈছিল ৷