অসম

assam

Margaret Alva meets Himanta Biswa Sarma: দিল্লীত হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ মাৰ্গাৰেট আলভাৰ

দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মাৰ্গাৰেট আলভাই (Margaret Alva meets Himanta Biswa Sarma)৷ দিল্লীত বাহৰ পাতি থকা ড৹ শৰ্মাৰ লগতে আন তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে ৷

By

Published : Jul 24, 2022, 10:50 PM IST

Published : Jul 24, 2022, 10:50 PM IST

Margaret Alva meets Himanta Biswa Sarma
দিল্লীত হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ মাৰ্গাৰেট আলভাৰ

নিউজ ডেস্ক, 24 জুলাই: 6 আগষ্টত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন ৷ কাইলৈ অৰ্থাৎ সোমবাৰে নৱতম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আনুষ্ঠিনকভাৱে শপত(Droupadi Murmu Oath Taking Ceremony) লোৱাৰ পাছতে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তৎপৰতা নিশ্চিতভাৱে বৃদ্ধি পাব৷ ইতিমধ্যে শাসকপক্ষ এন ডি এৰ ফালৰ পৰা উপ-ৰাষ্ট্ৰপতি পদৰ বাবে পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখেড়ৰ(Jagdeep Dhankhar) নাম ঘোষণা কৰাৰ বিপৰীতে বিৰোধীয়ে প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন ৰাজ্যপাল মাৰ্গাৰেট আলভাক(Margaret Alva) উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাবে ঘোষণা কৰিছে ৷

আনুষ্ঠানিকতা ৰক্ষাৰ স্বাৰ্থতে হওক কিম্বা সৌজন্যতামূলকভাৱেই হওক, বিৰোধীৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীয়ে ইতিমধ্যে শাসকীয় পক্ষৰো সমৰ্থন আদায়ৰ বাবে চেষ্টা চলাইছে ৷ ইয়াৰে অংশস্বৰূপে দেওবাৰে কংগ্ৰেছ নেত্ৰী মাৰ্গাৰেট আলভাই দিল্লীত কেইবাগৰাকীও বিজেপিৰ শীৰ্ষ নেতাৰ লগতে বিজেপিশাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সমৰ্থন আদায়ৰ বাবে চেষ্টা চলায় ৷

এইসকলৰ ভিতৰত অন্যতম হৈছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Margaret Alva meets Himanta Biswa Sarma)৷ চাৰিদিনীয়া ভ্ৰমণসূচী লৈ সম্প্ৰতি ড৹ শৰ্মা বাহৰ পাতি আছে দিল্লীত ৷ দেওবাৰে নিশা বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সন্মানাৰ্থে আয়োজন কৰা নৈশ ভোজত আন সকলো শীৰ্ষ নেতাৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও ৷ নৈশ ভোজৰ পূৰ্বে মাৰ্গাৰেট আলভাই ড৹ শৰ্মাৰ উপৰিও সাক্ষাৎ কৰে দিল্লী আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰীদ্বয়কো ৷

লগতে পঢ়ক:National Institute of Unani Medicine: ৰাষ্ট্ৰীয় য়ুনানী ঔষধ প্ৰতিষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

For All Latest Updates

ABOUT THE AUTHOR

...view details