নেশ্যনেল ডেস্ক,৫ এপ্ৰিল :জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে (Operation against militants in Jammu and Kashmir)। তেনে অভিযানৰ মাজতে ৰফিয়াবাদৰ লাদুৰা অঞ্চলত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী । সন্ত্ৰাসবাদীটো লস্কৰ-ই-তৈবা (LeT) সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি জানিব পৰা গৈছে (LeT militant arrested in Ladoora of Baramulla)।
প্ৰাথমিক তদন্তত সন্ত্ৰাসবাদীটো বুদগামৰ বিয়েৰৱাহৰ জগু খাৰেনৰ বাসিন্দা মোঃ ইকবাল খান বুলি চিনাক্ত হৈছে । জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে এই অভিযানটো ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল । আৰক্ষীয়ে প্ৰকাশ কৰা মতে সন্ত্ৰাসবাদীটোৱে নিৰাপত্তা বাহিনী আৰু ৰাজনৈতিক নেতাসকলৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ।