অসম

assam

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 2:11 PM IST

ETV Bharat / bharat

Uttarakhand landslide inside tunnel : নিৰ্মীয়মান সুৰংগত ভূমিস্খলন, ৩৬ গৰাকী শ্ৰমিক আৱদ্ধ

উত্তৰকাশীত নিৰ্মীয়মান সুৰংগত ভূমিস্খলনৰ ঘটনা । সুৰংগৰ ভিতৰত প্ৰায় ৩৬ গৰাকী শ্ৰমিক আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে । প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

Uttarakhand landslide inside tunnel
নিৰ্মীয়মান সুৰংগত ভূমিস্খলন

নেশ্যনেল ডেস্ক,১২ নৱেম্বৰ : দীপাৱলী উদযাপনক লৈ ব্যস্ত সমগ্ৰ দেশবাসী । তাৰ মাজতে উত্তৰাখণ্ডৰ উত্তৰকাশীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ চিল্কিয়াৰাৰ পৰা দাণ্ডল গাঁৱলৈ এটা নিৰ্মীয়মাণ সুৰংগৰ ভিতৰত ভূমিস্খলনৰ ঘটনাটো সংঘটিত হয় । জানিব পৰা মতে ৩৬ তকৈও অধিক শ্ৰমিক সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে ।

উত্তৰকাশীৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এই কথা নিশ্চিত কৰিছে । অৱশ্যে, সুৰংগটোৰ ভিতৰত কিমান শ্ৰমিক আৱদ্ধ হৈ আছে সেয়া এতিয়াও সঠিকভাৱে জনা হোৱা নাই । কোম্পানীটোৱে ধ্বংসাৱশেষ আঁতৰোৱাত ব্যস্ত হৈ আছে । ইফালে ঘটনাস্থলীত ৫ খন ১০৮ এম্বুলেন্স সাজু কৰি ৰখা হৈছে । একে সময়তে, আৰক্ষী-প্ৰশাসনৰ দলো ঘটনাস্থলীত উপস্থিত হৈছে আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

সুৰংগ নিৰ্মাণ কৰি থকা কোম্পানীৰ তথ্য অনুসৰি, সুৰংগটোৰ ভিতৰত ৩৬ গৰাকী শ্ৰমিক আৱদ্ধ হৈ আছে । ঘটনাটো পুৱা ৬ বজাৰ পৰা পুৱা ৭ বজাৰ ভিতৰত সংঘটিত হোৱা বুলি কোম্পানীটোৱে জনাইছে । ইফালে উদ্ধাৰ অভিযান অব্যাহত আছে আৰু শীঘ্ৰে সকলোকে সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হ'ব বুলিও দাবী কৰিছে কোম্পানীটোৱে । ইফালে সুৰংগটোৰ ভিতৰত অক্সিজেন গেছৰো ব্যৱস্থা কৰা হৈছে । ঘটনাটোত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।

এনএইচডিচিএলৰ প্ৰাক্তন মেনেজাৰ কৰ্ণেল দীপক পাটিলে কোৱা মতে চিল্কিয়াৰৰ পৰা প্ৰায় ২৩৪০ মিটাৰ দূৰত নিৰ্মাণ কৰা হৈছে ব্ৰহ্মখাল-পোলগাঁও পথৰ এই সুৰংগ । চিল্কিয়াৰৰ ফালৰ পৰা সুৰংগটোৰ ২৭০ মিটাৰ শাখাৰ ওচৰৰ ৩০ মিটাৰ এলেকাত ভূমিস্খলন হোৱাৰ ফলত শ্ৰমিকসকল সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে ।

লগতে পঢ়ক :Fire broke out : দাও দাওকৈ জ্বলিল সাতমহলীয়া অট্টালিকা, কথমপি প্ৰাণৰক্ষা বহু লোকৰ

ABOUT THE AUTHOR

...view details