অসম

assam

ETV Bharat / bharat

পিএইছডি,এমএছচি,এমচিএ শিক্ষাৰ্থীক জেএনইউ চৌহদত প্ৰৱেশৰ অনুমতি

পিএইছডি, এমএছচি আৰু এমচিএৰ চতুৰ্থ বৰ্ষৰ শিক্ষাৰ্থীসকলক পুনৰ বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশৰ অনুমতি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ৷ 1 ফেব্ৰুৱাৰীৰ পৰা শিক্ষাৰ্থীসকলে প্ৰৱেশ কৰিব পাৰিব বিশ্ববিদ্যালয়ত ৷

JNU
জেএনইউ

By

Published : Jan 15, 2021, 7:42 AM IST

নেশ্যনেল ডেস্ক,15 জানুৱাৰী : আগন্তুক 1 ফেব্ৰুৱাৰীৰ পৰা পিএইছডি, এমএছচি আৰু এমচিএৰ চতুৰ্থ বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে পুনৰ পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে ৷ জেএনইউৰ পঞ্জীয়ক প্ৰমোদ কুমাৰে এই কথা জানিবলৈ দিয়ে ৷

ইয়াৰ পূৰ্বে জেএনইউয়ে বিশেষ ভাৱে সক্ষম লোকসকলৰ ভিতৰত পিএইছডি বিজ্ঞান শাখাৰ শিক্ষাৰ্থী আৰু অন্য বিভাগৰ বিজ্ঞানৰ শিক্ষাৰ্থীসকলক বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছিল ৷ কিয়নো তেওঁলোকক প্ৰয়োগশালাত প্ৰৱেশ কৰিবলৈ অধিক সময়ৰ প্ৰয়োজন ৷

ইয়াৰোপৰি প্ৰথমবাৰৰ বাবে বিশ্ববিদ্য়ালয়ত খোজকঢ়া আৰু দৌৰা সম্বন্ধীয় বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ক্ৰীড়া কমপ্লেক্স পুনঃমুকলিৰ ঘোষণা কৰা হয় ৷

ক’ভিডৰ নতুন প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয় প্ৰশাসনে চৌহদৰ ভিতৰচৰাত শ্বাৱ পৰীক্ষা শিৱিৰৰো আয়োজন কৰিছে ৷

লগতে পঢ়ক :চলমান ৰুশ্বদিৰ পৈত্ৰিক সম্পত্তিৰ মূল্যক দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান

ABOUT THE AUTHOR

...view details