অসম

assam

ETV Bharat / bharat

9 মাহৰ পিচত পুত্ৰই বিচাৰি পালে মাতৃক, ক'ৰ এই ঘটনা ?

9 মাহ ধৰি পৰিয়ালৰ পৰা সন্ধানহীন হৈ আছিল এগৰাকী মহিলা ৷ 33 বছৰীয়া মহিলা গৰাকীক উদ্ধাৰ কৰি নিজ পৰিয়ালক গতাই দিয়ে ঝাৰখণ্ড প্ৰশাসনে ৷ উত্তৰ প্ৰদেশত বিচাৰি পোৱা গ'ল মহিলাগৰাকী ৷

Jharkhand reunites woman with family after 9 months
9 মাহৰ পিচত পুত্ৰই বিচাৰি পালে মাতৃক, ক'ৰ এই ঘটনা ?

By

Published : Nov 9, 2020, 4:18 PM IST

নিউজ ডেস্ক, 9 নৱেন্বৰঃ উত্তৰ প্ৰদেশৰ পৰা দেওবাৰে এগৰাকী 33 বছৰীয়া মহিলাক উদ্ধাৰ কৰি নিজ পৰিয়ালক গতাই দিয়ে ঝাৰখণ্ড প্ৰশাসনে ৷ বিগত 9 মাহ ধৰি পৰিয়ালৰ পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী ৷

প্ৰশাসনে জনোৱা মতে, আংশিকভাৱে মানসিক অস্থিৰতাত ভুগি আছিল মহিলাগৰাকী ৷ প্ৰথম অৱস্থাত মহিলাগৰাকীক পালামুৰ জিলাৰ ডাল্টনগাজ ৰে'লৱে ষ্টেচনত দেখা গৈছিল ৷ ইয়াৰ পিচতে উচ্চাৰণৰ পৰীক্ষাত মহিলাগৰাকীক চিনাক্ত কৰে পালামুৰ প্ৰশাসনে ৷

আই এ এছ প্ৰশিক্ষাৰ্থী বিষয়া দিলীপ প্ৰতাপ সিং শ্বেখাৱতে প্ৰকাশ কৰা তথ্য অনুসৰি, চিনাক্ত হোৱাৰ পাছতে আলিগড় প্ৰশাসনৰ লগত যোগোযোগ কৰে আৰু ভিডিঅ' কলৰ জৰিয়তে দেখুওৱা হয় প্ৰশাসনক ৷ অৱশেষত সন্ধানহীন মহিলা গৰাকী বুলি প্ৰশাসন নিশ্চিত হোৱা পিচতে পৰিয়ালৰ লগত যোগাযোগ কৰা হয় বুলি জানিবলৈ দিয়ে প্ৰতাপ সিং শ্বেখাৱতে ৷

তথ্য অনুসৰি, মহিলাগৰাকী ইতিমধ্যে বিবাহপাশত আৱদ্ধ হোৱাৰ লগতে দুটাকৈ 10 আৰু 12 বছৰীয়া পুত্ৰ সন্তানও আছে ৷ দুই পুত্ৰ আৰু স্বামীয়ে ডলটনগাজৰ পৰা গ্ৰহণ কৰে মহিলাগৰাকীক ৷

লগতে পঢ়কঃসদৌ বিটিএডি নাথ-যোগী সন্মিলনীৰ শপত গ্ৰহণ

ABOUT THE AUTHOR

...view details