অসম

assam

ETV Bharat / bharat

লক্ষ্ণৌত গহণাৰ দোকানৰ স্বত্বাধিকাৰীক গুলীয়ালে দুৰ্বৃত্তই

লক্ষ্ণৌত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। অচিনাক্ত দুৰ্বৃত্তই গুলীয়ালে গহণাৰ দোকানৰ স্বত্বাধিকাৰী অভিষেক কেশৰবাণীক। ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত।

By

Published : Nov 12, 2020, 3:53 PM IST

লক্ষ্ণৌত গহণাৰ দোকানৰ স্বত্বাধিকাৰীক গুলীয়ালে দুৰ্বৃত্তই
লক্ষ্ণৌত গহণাৰ দোকানৰ স্বত্বাধিকাৰীক গুলীয়ালে দুৰ্বৃত্তই

নেশ্যনেল ডেস্ক, ১২ নৱেম্বৰ: বুধবাৰে লক্ষ্ণৌত এগৰাকী গহণাৰ দোকানৰ স্বত্বাধিকাৰীক লক্ষ্য কৰি গুলীচালনা কৰে অচিনাক্ত দুৰ্বৃত্তই । বিকাশনগৰত অভিষেক কেশৰবাণী নামৰ লোকজনক অস্ত্ৰধাৰী দুৰ্বৃত্তই গুলীয়ায় । ঘটনাৰ পিছতে আৰক্ষীয়ে পত্নীসহ কেশৰবাণীক হাস্পতাললৈ লৈ যায়। লক্ষ্ণৌ জিলাৰ আৰক্ষী আয়ুক্ত নীলাব্জা চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা তথ্য মতে, কেশৰবাণীয়ে দোকান বন্ধ কৰি থকা অৱস্থাতে দুৰ্বৃত্তই আক্ৰমণ কৰে ।

শেহতীয়াকৈ চিকিত্সকে জনাইছে যে, তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্য়হত ৰাখিছে। আনহাতে, গুলীচালনাৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:কৌতুক অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধে বিচাৰৰ দাবী

ABOUT THE AUTHOR

...view details