অসম

assam

By

Published : Feb 7, 2023, 12:18 PM IST

Updated : Feb 7, 2023, 2:19 PM IST

ETV Bharat / bharat

JEE Main Results declared : ২০২৩ বৰ্ষৰ JEE মূল পৰীক্ষাৰ ফলাফল ঘোষণা

আজি ঘোষিত হ’ল JEE Main ৰ ২০২৩ বৰ্ষৰ ১ (জানুৱাৰী) বৰ্ষৰ ফলাফল ( JEE Main results declared)৷ ফলাফল চাবৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই মুকলি কৰি দিছে দুটা লিংক ৷

JEE Main Results declared
২০২৩ বৰ্ষৰ JEE মূল পৰীক্ষাৰ ফলাফল ঘোষণা

নেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰী :ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ অধীনত অনুষ্ঠিত হোৱা 2023 বৰ্ষৰ কাৰিকৰী প্ৰৱেশ পৰীক্ষা JEE Main ৰ ২০২৩ বৰ্ষৰ ১ (জানুৱাৰী) বৰ্ষৰ ফলাফল ঘোষণা হ’ল (Results announced JEE Main) । ফলাফলৰ বাবে NTA JEE অফিচিয়েল ৱেবছাইট - jeemain.nta.nic.in চাব পাৰে । পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতৰ পৰীক্ষাৰ্থীৰ শতাংশ নম্বৰৰ লগতে তিনিওটা বিষয়ৰ সৰ্বমুঠ শতাংশ নম্বৰৰ স্ক’ৰকাৰ্ড ডাউনলোড কৰিব পাৰিব উল্লেখিত ৱেবছাইটটোত ( JEE Main results declared) ৷

ফলাফল চাবলৈ এন টি এয়ে দুটা লিংক মুকলি কৰি দিছে । অফিচিয়েল ৱেবছাইট jeemain.nta.nic.in চাওঁক ৷ সোঁফালৰ তলত থকা ‘Candidate Activity’ লৈ যাওঁক ৷ JEE Main 2023 Paper 1 ফলাফলৰ বাবে Link 1 বা Link 2 ত ক্লিক কৰক ৷ আবেদন নম্বৰ আৰু জন্ম তাৰিখ/পাছৱৰ্ডৰ সৈতে লগ ইন কৰক ৷ স্ক’ৰকাৰ্ডখন দেখিবলৈ পাব ৷ ডাউনলোড কৰক ৷ তাৰ পিচত প্ৰিন্টআউট সংগ্ৰহ কৰিব পাৰিব ৷

উল্লেখ্য যে, প্ৰাৰ্থীসকলে সমগ্ৰ দেশৰ বিভিন্ন এন আই টি, আই আই টি আৰু অন্যান্য প্ৰযুক্তিগত প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে JoSAA 2023 কাউন্সেলিঙৰ সময়ত স্ক’ৰকাৰ্ডৰ প্ৰিন্টআউট দেখুৱাব লাগিব । প্ৰাৰ্থীসকলে সমগ্ৰ দেশৰ বিভিন্ন এন আই টি, আই আই টি আৰু অন্যান্য প্ৰযুক্তিগত প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে JoSAA 2023 কাউন্সেলিঙৰ সময়ত স্ক’ৰকাৰ্ডৰ প্ৰিন্টআউট প্ৰদৰ্শন কৰিব লাগিব ।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে পুঁজি বিনিয়োগ কৰা বিভিন্ন স্নাতক কাৰিকৰী কেন্দ্ৰ এন আই টি, আই আই টি, অন্যান্য কেন্দ্ৰীয় পুঁজিৰে চলি থকা কাৰিকৰী প্ৰতিষ্ঠান (চি এফ টি আই) ২০২৩ বৰ্ষৰ ২৪ জানুৱাৰীৰ পৰা ০১ ফেব্ৰুৱাৰী পৰ্যন্ত নামভৰ্তিৰ বাবে কাউন্সেলিং অনুষ্ঠিত কৰা হৈছিল । এনটিএই শ্বেয়াৰ কৰা তথ্য অনুসৰি জেইই মূল অধিৱেশন-১ ৰ বাবে ৯ লাখৰো অধিক প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছিল, ইয়াৰে প্ৰায় ৮.৬ লাখ প্ৰাৰ্থী পেপাৰ-১ (BE/BTech) আৰু ০.৪৬ লাখ পেপাৰ- ২ (B Arch/B Planning)ৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল । JEE Main জানুৱাৰী মাহৰ পৰীক্ষাত অভিলেখ সংখ্যক 95.8% উপস্থিতি পঞ্জীয়ন কৰা হৈছে, যিটো NTA য়ে JEE পৰীক্ষা অনুষ্ঠিত কৰাৰ ইতিহাসত সৰ্বাধিক হিচাপে পৰিগণিত হৈছে ।

দেশৰ সন্মানীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান - ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (National Institutes of Technology), ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (Indian Institutes of Information Technology) আৰু আই আই টি-এইচ (International Institute of Information Technology)কে ধৰি বিভিন্ন উৎকৃষ্ট শিক্ষানুষ্ঠানত নামভৰ্তি বিচৰাৰ বাবে প্ৰৱেশ দ্বাৰ হৈছে জে ই ই মূল পৰীক্ষা । .

দেশৰ প্ৰধান কাৰিকৰী প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি)ত নামভৰ্তিৰ বাবে জে ই ই এডভান্স টেষ্ট দিয়াৰ বাবেও জে ই ই মেইন হৈছে এক অৰ্হতা মাপক পৰীক্ষা । জে ই ই মেইনৰ ফলাফলত কাট অফ মাৰ্কৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীসকলক জে ই ই এডভান্সড পৰীক্ষাত উপস্থিত থাকিবলৈ দিয়া হ’ব (JEE Advanced)৷

লগতে পঢ়ক :Divyangjan Mancha Protest: নিযুক্তি দিয়ক নহ’লে গুলিয়াই মাৰক, এই দাবীৰে ৰাজ্যৰ দিব‍্যাংগসকলৰ প্ৰতিবাদ

Last Updated : Feb 7, 2023, 2:19 PM IST

ABOUT THE AUTHOR

...view details