অসম

assam

ETV Bharat / bharat

জনা-নজনা : চলন্ত বাহন উৰি যোৱা অঞ্চলটো

মৰুভূমিত মৰীচিকাৰ কাহিনী আপুনি নিশ্চয় পঢ়িছে ৷ কিন্তু পাহাৰত মৰীচিকা ? আপুনি কোনো এখন পাহাৰীয়া অঞ্চললৈ যাত্ৰা কৰিছে আৰু আপোনাৰ বাহনখন নিজে নিজে ওপৰলৈ গুচি গৈছে ৷ ইয়াক কল্পনা যেন নালাগেনে ? পিছে ক’ত হয় এনে পৰিঘটনা ?

There is a mysterious place in Gujarat where gravity does not work!
জনা-নজনা: যিকোনো চলন্ত বাহন ওপৰলৈ উৰি যোৱা এটি বিশেষ অঞ্চল

By

Published : Aug 9, 2021, 1:54 PM IST

নিউজ ডেস্ক, 9 আগষ্ট : বিশ্বত এনে কোনো অঞ্চল থাকিব পাৰে নে, যি মধ্যাকৰ্ষণীয় শক্তিৰ প্ৰভাৱৰ পৰা মুক্ত হয় ? যদি গিয়েৰ ব্যৱহাৰ নকৰাকৈ গাড়ীখন চলাব পৰা যায়, কেনে অনুভৱ হ’ব বাৰু আপোনাৰ ? গুজৰাটত এনে এক ৰহস্যময় স্থান আছে য'ত মধ্যাকৰ্ষণ শক্তিয়ে কাম নকৰে ! কিন্তু অবাস্তৱ যেন লাগিলেও এয়াই সত্য ৷

গুজৰাটত তুলসীশ্যাম নামেৰে এটুকুৰা ঠাই আছে আৰু এই ঠাইৰ ভূ-খণ্ড মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱৰ পৰা মুক্ত ৷ আপুনি তুলসীশ্যাম নামৰ এই ঠাইখণ্ডৰ মাজেৰে যাত্ৰা কৰিলে আপোনাৰ এনে লাগিব যেন গাড়ী, পানী আৰু আপুনি দেখি থকা আন আন বস্তুবোৰ পাহাৰৰ ওপৰলৈ গৈ আছে ৷

এনেক্ষেত্ৰত এই অঞ্চলত বাস কৰা স্থানীয় লোকসকলে 'মধ্যাকৰ্ষণ-বিৰোধী' তত্ত্বক মানি ল’বলৈ অস্বীকাৰ কৰিছে । তেওঁলোকে ইয়াক প্ৰকৃততে এক অলৌকিক ঘটনা বুলিহে ক’ব বিচাৰে । তেওঁলোকৰ বিশ্বাস এই পথ প্ৰকৃততে স্বৰ্গলৈহে যোৱাৰ এটা পথ ৷ এই বিশ্বাসৰ কাৰণ হৈছে, পথটোৰে গ’লে অনুভৱ হয় যেন কোনোবাই আপোনাক ওপৰলৈ টানি নিছে ।

গুজৰাটৰ আমৰেলী জিলা আৰু জুনাগড় জিলাৰ সীমাত অৱস্থিত এই তুলসীশ্যাম নামৰ অঞ্চলটো ৷ প্ৰায় 3,000 বছৰ পুৰণি কৃষ্ণ মন্দিৰৰ বাবে বিখ্যাত তুলসীশ্যাম ৷ ইয়াৰ উপৰি তুলসীশ্যামত আছে গৰম পানীৰ এটা উঁহ আছে ৷ এই উঁহৰ পানী ভক্ষণ কৰিলে প্ৰায় সকলো ৰোগৰ পৰা আৰোগ্য লাভ কৰে বুলি আছে জনবিশ্বাস ।

তদুপৰি তুলসীশ্যাম মধ্যাকৰ্ষণীয় শক্তিৰ প্ৰভাৱৰ পৰা মুক্ত থকা একমাত্ৰ ঠাই নহয় । স্কটলেণ্ডৰ দক্ষিণ আয়াৰ শ্বায়াৰৰ ইলেক্ট্ৰিক বে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনৰ প্ৰোচাৰৰ গ্ৰেভিটি হিল, কেলিফ’ৰ্ণিয়াৰ পিয়েৰ্চিৰ কনফিউছন হিল আৰু অষ্ট্ৰেলিয়াৰ ব্লেক ৰকৰ মেগনেটিক হিল পৃথিৱীৰ ভিন্ন প্ৰান্তত অৱস্থিত মধ্যাকৰ্ষণীয় শক্তিৰ প্ৰভাৱৰ পৰা মুক্ত একো একোটা অঞ্চল ।

অৱশ্যে বিজ্ঞানীসকলে বৰ্তমান ইয়াৰ আঁৰত থকা ৰহস্য সন্ধান কৰি উলিয়াইছে ৷ বিজ্ঞানীসকলৰ মতে, বাস্তৱত ইয়াৰ আঁৰত মধ্যাকৰ্ষণ শক্তিৰ কোনো কুটিল ৰহস্য থকাৰ বিপৰীতে ইয়াক সম্পূৰ্ণৰূপে ‘অপ্টিকেল ভ্ৰম’ বুলিহে ক’ব বিচাৰে ৷ এই অপ্টিকেল ভ্ৰমৰ আঁৰত আছে পথৰ দুয়োফালৰ মাটিৰ গাঁথনি ৷ যদিও ইয়াৰ মাজেৰে গ’লে আমাৰ ওপৰলৈ যোৱাৰ দৰে লাগে, কিন্তু বাস্তৱত আপুনি তললৈহে গৈ আছে ৷ সেয়া প্ৰকৃততে অনুভূমিক ৰেখা আৰু ইয়াৰ চাৰিওফালৰ অন্যান্য গুণাগুণবোৰে আমাৰ মগজুত ভ্ৰমৰ সৃষ্টি কৰি বাস্তৱক স্বীকাৰ কৰাত বাধা দিয়ে ৷

লগতে পঢ়ক :জনা-নজনা : বিশ্ব সাহিত্যত খলকনি তোলা এখন ৰহস্যময় গ্ৰন্থ

ABOUT THE AUTHOR

...view details