অসম

assam

By

Published : Feb 23, 2021, 12:28 PM IST

ETV Bharat / bharat

কৰ'ণাসৃষ্ট সংকটৰে মোকাবিলা কৰাত স্বাস্থ্যখণ্ড সফল হৈছে: প্ৰধানমন্ত্ৰী

চলিত বৰ্ষৰ স্বাস্থ্যখণ্ডৰ বাজেটক অসাধাৰণ আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । মঙলবাৰে তেওঁ কয় যে, বিগত বৰ্ষত COVID-১৯ মহামাৰী দেশৰ স্বাস্থ্যখণ্ডৰ বাবে প্ৰত্যাহ্বান আছিল । কিন্তু দেশে সফলতাৰে এই সংকট বহুখিনি দূৰ কৰিবলৈ সক্ষম হৈছে ।

চলিত বৰ্ষৰ স্বাস্থ্য বাজেটক অসাধাৰণ আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
চলিত বৰ্ষৰ স্বাস্থ্য বাজেটক অসাধাৰণ আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

নেশ্যনেল ডেস্ক,২৩ ফেব্ৰুৱাৰী: মঙলবাৰে ভাৰতৰ স্বাস্থ্যখণ্ডৰ বাবে কেন্দ্ৰীয় বাজেটত ধাৰ্য কৰা পুঁজিৰ সঠিক ব্যৱহাৰ আৰু আঁচনি ৰূপায়ণ বিষয়ক এক ৱেবিনাৰত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চলিত বৰ্ষৰ স্বাস্থ্য বাজেটক অসাধাৰণ আখ্যা দিয়ে । তেওঁ কয় যে, কৰ'ণাসৃষ্ট সংকট দেশৰ স্বাস্থ্যখণ্ডৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান আছিল ৷ স্বাস্থ্যখণ্ডই ইয়াৰ সৈতে মোকাবিলা কৰাত সফল হৈছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, চলিত বৰ্ষত স্বাস্থ্যখণ্ডৰ বাবে ধাৰ্য কৰা বাজেটে এই খণ্ডৰ প্ৰতি চৰকাৰ যে প্ৰতিশ্ৰুতিবদ্ধ সেয়া সূচাইছে । তেওঁ লগতে কয় যে, 'COVID-১৯ মহামাৰীয়ে আমাক ভৱিষ্যতে এনে ধৰণৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হ'বলৈ এক শিক্ষা দিছে' ।

COVID-১৯ মহামাৰীয়ে অনা প্ৰত্যাহ্বান প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, 'যোৱা বছৰ ভাৰত, বিশ্ব আৰু সমগ্ৰ মানৱ জাতিৰ বাবে ই এক পৰীক্ষণ সদৃশ আছিল । দেশৰ স্বাস্থ্যখণ্ডই এই প্ৰত্যাহ্বান তথা সংকট সফলতাৰে দূৰ কৰিবলৈ সক্ষম হৈছে । আমি বহু জীৱন ৰক্ষা কৰাত সফল হৈছিলো' । লগতে স্বাস্থ্যখণ্ডক শক্তিশালী কৰা অতি আৱশ্যক বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । ভেণ্টিলেটৰৰ পৰা আৰম্ভ কৰি প্ৰতিষেধকলৈ, চিকিৎসা সঁজুলিৰ পৰা ঔষধলৈ, বৈজ্ঞানিক গৱেষণাৰ পৰা নিৰীক্ষণ আন্তঃগাঁথনিলৈকে এই সকলো ক্ষেত্ৰতে গুৰুত্ব আৰোপ কৰিব লাগিব বুলিও প্ৰকাশ কৰে মোডীয়ে ।

তেওঁ লগতে কয় যে, 'আজি ভাৰতৰ স্বাস্থ্যখণ্ডৰ ওপৰত সমগ্ৰ বিশ্বৰে গভীৰ বিশ্বাস আছে । 'মেড ইন ইণ্ডিয়া' প্ৰতিষেধকৰ বৰ্দ্ধিত চাহিদাৰ বাবে আমি সাজু থাকিব লাগিব' । সমগ্ৰ দেশ তথা দেশবাসীক সুস্থ কৰি ৰাখিবলৈ চৰকাৰে চাৰিটা মুখ্য বিষয়ৰ ওপৰত কাম কৰি আছে । সেয়া হৈছে, ৰোগ প্ৰতিৰোধ আৰু সুস্থতাৰ প্ৰসাৰ, সকলোৰে বাবে স্বাস্থ্য সেৱা উপলব্ধ কৰা, চিকিৎসা আন্তঃগাঁথনি নিৰ্মাণ আৰু এক নিৰ্দিষ্ট লক্ষ্যৰে কাম কৰি যোৱাৰ বাবে স্বাস্থ্য সেৱাক পেছা হিচাপে লোৱা লোকসকলৰ মান আৰু সংখ্যা বৃদ্ধি কৰা ।

দেশৰ উন্নয়নৰ বাবে স্বাস্থ্যখণ্ডৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি, খণ্ডৰ বাবে ২০২১-২২ বৰ্ষৰ বাজেটত পুঁজিৰ পৰিমাণ ২,২৩,৮৪৬ কোটি টকালৈ বৃদ্ধি কৰা হৈছিল । কিন্তু পূৰ্বে এই বছৰৰ বাবে ৯৪,৪৫২ কোটি টকাহে ধাৰ্য কৰা হৈছিল ।

লগতে পঢ়ক: হাইদৰাবাদৰ শিৰত এটি দুৰ্লভ খিতাপ

ABOUT THE AUTHOR

...view details