অসম

assam

By

Published : Nov 20, 2020, 2:21 PM IST

ETV Bharat / bharat

ষট পূজা উপলক্ষে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ টুইট, কি আহ্বান জনালে দেশবাসীক

ষট পূজা উপলক্ষে দেশবাসীক এক টুইট যোগে শুভেচ্ছা জনালে দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ৷ কোবিন্দে টুইটাৰত লিখিলে,'আজি এই উৎসৱৰ দিনটোত পৰিবেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সকলোৱে সংকল্পবদ্ধ হওক ৷'

indian presiden ram nath kovind twt
ষট পূজা উপলক্ষে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ টুইট, কি আহ্বান জনালে দেশবাসীক

নিউজ ডেস্ক, 20 নৱেম্বৰঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শুক্ৰবাৰে পালন কৰা হৈছে ষট পূজা ৷ এই উপলক্ষে দেশবাসীক এক টুইটাৰ যোগে শুভেচ্ছা জনালে দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ৷

কোবিন্দে টুইটাৰত লিখিলে, ' দেশৰ সকলো প্ৰান্তৰ লোককে ষট পূজা উপলক্ষে শুভেচ্ছা জনাইছো ৷ ষট মায়াই দেশৰ সকলো লোকৰে সুস্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে আৰ্শীবাদ কৰক ৷ আজি এই উৎসৱৰ দিনটোত পৰিবেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সকলোৱে সংকল্পবদ্ধ হওক ৷' তদুপৰি পূজাৰ সময়ত প্ৰতিজন ব্যক্তিকেই কভিড-19 ৰ প্ৰতি জনসচেতনতা বজাই ৰাখবলৈও আহ্বান জনাই কোবিন্দে ৷

উল্লেখ্য যে হিন্দু কেলেণ্ডাৰ কাৰ্টিক মাহৰ ষষ্ঠ দিনটোত উদযাপন কৰা হয় ষট পূজা ৷ অৰ্থাৎ ষট পূজা দেপাৱলীৰ উদযাপন কৰা পিচৰ চতুৰ্থ দিনটোত পালন কৰা হয় ৷

হিন্দু ৰীতি নীতিৰ অনুসৰি ষট পূজা দিনা সূৰ্য দেৱতা আৰু তেওঁৰ পত্নী উষাক ভক্ত সকলে উপাসনা কৰে ৷ তদুপৰি আজিৰ দিনটোত ষট পূজা উপলক্ষে ভক্ত সকলে সূৰ্যস্তৰৰ সময়ত সকলোৰে মংগলৰ বাবে সূৰ্য দেৱতাক ধূপ ধূনাৰে আৰধনা কৰা লগতে প্ৰসাদ প্ৰদান কৰে ৷ এই পূজা সমাপ্ত হ'ব শনিবাৰে সূৰ্যদ্বয়ৰ প্ৰাক ক্ষণত ৷

উল্লেখ্য যে, ষট পূজাৰ সময়ত সকলো ভক্ত প্ৰাণ লোককে কভিড প্ৰটকল মানি চলিবলৈ ৰাজ্য চৰকাৰ সমূহে নিৰ্দেশনা জাৰি কৰিছে ৷

লগতে পঢ়কঃষট পূজা উদযাপনক লৈ ডিব্ৰুগড় জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা

ABOUT THE AUTHOR

...view details