অসম

assam

By

Published : Jun 21, 2023, 10:24 PM IST

ETV Bharat / bharat

International Yoga Day: ভাৰত চীন সীমান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন ভাৰতীয় সেনাৰ

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ভাৰতীয় সেনায়ো অনুষ্ঠিত কৰে বিভিন্ন কাৰ্যসূচী ৷ অৰুণাচলৰ ভাৰত-চীন সীমান্তত সেনাৰ যোগাভ্যাস ৷

International Yoga Day
ভাৰত চীন সীমান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

ভাৰত চীন সীমান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

তেজপুৰ, ২১ জুন: বুধবাৰে সমগ্ৰ বিশ্বতে পালন কৰা হ’ল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকাতে অংশ গ্ৰহণ কৰিলে যোগ দিৱসৰ অনুষ্ঠানত ৷ ভাৰততো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে প্ৰায় সংখ্যক লোকেই যোগ দিৱস পালন কৰি যোগাভ্যাস কৰা দেখা গ’ল ৷ ইতিমধ্য়ে যোগাভ্যাসৰ ফটোৰে সামাজিক মাধ্যম ভৰি পৰিছে ৷

ভাৰত-চীন সীমান্তত সেনাৰ যোগ দিৱস পালন

ব্যতিক্ৰম নহয় ভাৰতীয় সেনাও ৷ দেশৰ ভিন্ন প্ৰান্তৰ লগতে ভাৰতীয় সেনাই সীমান্ত অঞ্চলতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে । অৰুণাচলৰ ভাৰত-চীন সীমান্তত নিয়োজিত সেনা জোৱানসকলেও অনুষ্ঠিত কৰিলে যোগ দিৱস ৷

ভাৰতীয় সেনাৰ যোগাভ্যাস

‘‘চৰম পৰিস্থিতি এজন সৈনিকৰ বাবে এক আশীৰ্বাদ স্বৰূপ’’ । গজৰাজ কৰ্পছৰ জোৱানসকলে তেওঁলোকৰ Operational preparedness বৃদ্ধিৰ বাবে যোগক এক নিয়মীয়া ব্যৱস্থা হিচাপে গ্ৰহণ কৰিছে ।

সীমান্তত ভাৰতীয় সেনা

প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জনায় যে, গজৰাজ কৰ্পছৰ অধীনত দুৰ্গম অঞ্চলত আৰু প্ৰতিকূল বতৰৰ মাজত সেনাই যোগাসন কৰি নিজৰ মনক সজীৱ কৰি তুলিছে আৰু যুদ্ধৰ প্ৰস্তুতি বহুগুণ বৃদ্ধি কৰিছে ।

দুৰ্গম অঞ্চলত ভাৰতীয় সেনাৰ যোগাভ্যাস

অৰুণাচল প্ৰদেশৰ সীমান্তত অনুষ্ঠিত হোৱা নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত স্থানীয় ৰাইজে ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছৰ জোৱানসকলৰ সৈতে অতি উদ্যমৰে যোগাভ্যাস কৰা দেখা যায় ।

ভাৰতীয় সেনাৰ যোগাসন

লগতে পঢ়ক:PM Modi on Yoga Day : ভাৰতৰ আহ্বানত ১৮০ খনতকৈও অধিক দেশ একত্ৰিত হোৱাটো ঐতিহাসিক

তেজপুৰ, ৰূপা, টেংগা, মিছামাৰী, টাৱাং, ৰঙিয়া আৰু সীমান্তৰ সকলো ফৰৱাৰ্ড পোষ্টত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানৰ উপৰিও ভাৰত-চীন সীমান্তৰ আইকনিক বুমলা পাছতো এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ সেই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সেনাৰ সৈতে যোগাসনত অংশগ্ৰহণ কৰে ।

কৰ্ম জীৱনৰ এক অপৰিহাৰ্য অংশ হিচাপে যোগাসনে অসামৰিক-সামৰিক লোকসকলৰ মাজত এক বান্ধোনৰ সৃষ্টি কৰে । ভাৰতীয় সেনাই আয়োজন কৰা যোগাসন অনুষ্ঠানত স্থানীয় লোকসকলে অতিসহজভাৱে অংশগ্ৰহণ কৰে আৰু যোগৰ শক্তি উপভোগ কৰে যিয়ে ফলস্বৰূপে শৰীৰ, মন আৰু আত্মাক একত্ৰিত কৰে ।

ABOUT THE AUTHOR

...view details