অসম

assam

বকেয়া ধন আদায় নিদিলে ভাৰতত নিলাম হ'ব বাংলাদেশৰ বিমান

২০১৫ চনৰ ৭ আগষ্টত ইউনাইটেড এয়াৰৱেজৰ বিমান এমডি-৮৩ য়ে ১৭৩ জন যাত্ৰীৰ সৈতে নিৰ্ধাৰিত সময়সূচী অনুসৰি ঢাকাৰ পৰা মাস্কটলৈ উৰা মাৰিছিল কিন্তু ৰায়পুৰ বিমানবন্দৰৰ বিৱৰণ অনুসৰি বিমানখনৰ ইঞ্জিনত জুই লাগিছিল আৰু বিমানখন ৰায়পুৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰা হৈছিল আৰু তেতিয়াৰ পৰা বিমানখন বিমানবন্দৰত ৰখাই থোৱা হৈছে । বিমানবন্দৰ কৰ্তৃপক্ষই পাৰ্কিং আৰু অন্যান্য কাৰিকৰী মাচুলৰ বাবে মুঠ ১.৫ কোটি টকাৰ অধিক ধন দিবলৈ বাকী আছে কোম্পানীটোৱে । ১৫ দিনৰ ভিতৰত প্ৰাপ্য ধন আদায় নিদিলে বিমানখনৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি ৰায়পুৰ বিমানবন্দৰ কৰ্তৃপক্ষই অৱগত কৰিছে ।

By

Published : Apr 18, 2021, 7:58 PM IST

Published : Apr 18, 2021, 7:58 PM IST

বকেয়া ধন আদায় নিদিলে ভাৰতত নিলাম হ'ব বাংলাদেশৰ বিমান
বকেয়া ধন আদায় নিদিলে ভাৰতত নিলাম হ'ব বাংলাদেশৰ বিমান

নেশ্যনেল ডেস্ক,১৮ এপ্ৰিল: ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ (এএআই) ৰ দ্বাৰা পৰিচালিত ৰায়পুৰ বিমানবন্দৰে বাংলাদেশৰ ইউনাইটেড এয়াৰৱেজৰ এখন বিমানৰ বিৰুদ্ধে নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সাজু হৈছে । বিমানখন ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত পাৰ্কিং আৰু অন্যান্য কাৰিকৰী মাচুলৰ বাবে মুঠ ১.৫ কোটি টকাৰ অধিক বকেয়া পৰিমাণৰ সৈতে ৰখাই থোৱা হৈছিল ।

সংবাদ মাধ্যমৰ আগত ৰায়পুৰ বিমানবন্দৰৰ সঞ্চালক ৰাকেশ সাহায়ে কয় যে, তেওঁলোকে ইউনাইটেড এয়াৰৱেজক প্ৰাপ্য ধন আদায় দিবলৈ আৰু বিমানখন কাঢ়ি নিয়াৰ শেষ সুযোগ দিছে । পাৰ্কিং আৰু অন্যান্য কাৰিকৰী পৰিচালনাৰ মুঠ বকেয়া বিল যদি কোম্পানীয়ে পৰিশোধ কৰাত বিফল হয় তেন্তে বিষয়টো এএআইৰ আইনী বিভাগলৈ যাব ।

ৰায়পুৰ বিমানবন্দৰৰ সঞ্চালকৰ মতে, ২০১৫ চনৰ ৭ আগষ্টত ইউনাইটেড এয়াৰৱেজৰ বিমান এমডি-৮৩য়ে ১৭৩ জন যাত্ৰীৰ সৈতে নিৰ্ধাৰিত সময়সূচী অনুসৰি ঢাকাৰ পৰা মাস্কটলৈ উৰা মাৰিছিল কিন্তু ৰায়পুৰ বিমানবন্দৰৰ বিৱৰণ অনুসৰি বিমানখনৰ ইঞ্জিনত জুই লাগিছিল আৰু বিমানখন ৰায়পুৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰা হৈছিল আৰু তেতিয়াৰ পৰা বিমানখন বিমানবন্দৰত ৰখাই থোৱা হৈছে আৰু কোম্পানীটোৱে এতিয়ালৈকে কোনো পদক্ষেপ ল'বলৈ সক্ষম হোৱা নাই ।

জৰুৰী অৱতৰণৰ সময়ত কোনো লোক হতাহত হোৱা নাছিল । তেতিয়াৰ পৰাই এয়াৰলাইন কোম্পানীৰ সৈতে যোগাযোগ চলি আছে । যোৱা বছৰ, এয়াৰলাইনটোৱে ৰায়পুৰ বিমানবন্দৰৰ বিষয়াসকলক আশ্বাস দিছিল যে, কোম্পানীটোৱে ন মাহৰ ভিতৰত সকলো প্ৰাপ্য আদায় দিব । কিন্তু যোৱা শুকুৰবাৰে এই ম্যাদ উকলি যোৱাৰ পাছতো কোম্পানীটোৱে কোনো ব্যৱস্থা নল'লে।

যোগাযোগৰ সময়ত কোম্পানীটোৱে আশ্বাস দিছিল যে, তেওঁলোকে বিমানখন বিক্ৰী কৰি প্ৰাপ্য পৰিশোধ কৰিব কিন্তু কোম্পানীটোৱে প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাত ব্যৰ্থ হৈছে ।

অৱশেষত, ৰায়পুৰ বিমানবন্দৰে কোম্পানীটোক শুকুৰবাৰে সকলো প্ৰাপ্য পৰিশোধৰ বাবে আৰু ১৫ দিনৰ সময়সীমা দিছে । এই সময়ৰ ভিতৰত প্ৰাপ্য ধন আদায় নিদিলে বিমানখনৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলিও ৰায়পুৰ বিমানবন্দৰ কৰ্তৃপক্ষই অৱগত কৰিছে । এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জৰিয়তে বাংলাদেশ দূতাবাসৰ কাৰ্যালয়তো অৱগত কৰা হৈছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:কৰ'ণাৰে যুঁজিবলৈ প্ৰতিখন ৰাজ্যকে পৰ্যাপ্ত সুবিধা প্ৰদান কৰিছে কেন্দ্ৰই : ডা৹ হৰ্ষ বৰ্ধন

ABOUT THE AUTHOR

...view details