অসম

assam

By

Published : Jan 22, 2021, 2:13 PM IST

ETV Bharat / bharat

ম্যানমাৰ, ছেইচেলছ, মৰিছাছলৈ COVID-১৯ৰ প্ৰতিষেধক প্ৰেৰণ কৰিলে ভাৰতে

ভাৰতে ম্যানমাৰ, ছেইচেলছ, মৰিছাছলৈ প্ৰেৰণ কৰিলে COVID-১৯ৰ প্ৰতিষেধক । শুক্ৰবাৰে পুৱাই ম্যানমাৰলৈ প্ৰেৰণ কৰা হ'ল COVID-১৯ৰ প্ৰতিষেধক ক'ভিশ্বিল্ড ।

ম্যানমাৰ, ছেইচেলছ, মৰিছাছলৈ COVID-১৯ৰ প্ৰতিষেধক প্ৰেৰণ কৰিলে ভাৰতে
ম্যানমাৰ, ছেইচেলছ, মৰিছাছলৈ COVID-১৯ৰ প্ৰতিষেধক প্ৰেৰণ কৰিলে ভাৰতে

নেশ্যনেল ডেস্ক, ২২ জানুৱাৰী: পুণেস্থিত ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰস্তুত কৰা COVID-১৯ৰ প্ৰতিষেধক ক'ভিশ্বিল্ড শুক্ৰবাৰে ম্যানমাৰলৈ প্ৰেৰণ কৰা হয় । মুম্বাইৰ চত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পুৱা ৬.৪০ বজাত COVID-১৯ৰ প্ৰতিষেধক কঢ়িওৱা বিমান ম্যানমাৰ অভিমুখে ৰাওনা হয় । আনহাতে, ছেইচেলছ, মৰিছাছলৈ দিনৰ ১১ বজাত বিমানযোগে ক'ভিশ্বিল্ড প্ৰতিষেধক প্ৰেৰণ কৰা হয় ।

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, আজিয়েই ম্যানমাৰৰ য়াংগ'ন পাবগৈ ভাৰতৰ পৰা প্ৰেৰণ কৰা COVID-১৯ৰ প্ৰতিষেধকৰ ১.৫ মিলিয়ন খোৰাক । ভাৰতৰ প্ৰতিষেধক দান কাৰ্যসূচীৰ অধীনত ছেইচেলছলৈ COVID-১৯ৰ প্ৰতিষেধকৰ মুঠ ৫০,০০০ খোৰাক প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে । ভাৰত মহাসাগৰীয় দেশসমূহৰ ভিতৰত ছেৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা COVID-১৯ৰ প্ৰতিষেধক লাভ কৰা একমাত্ৰ দেশ হৈছে ছেইচেলছ ।

ভাৰতে প্ৰতিষেধক প্ৰেৰণ কৰা কাৰ্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'সাগৰঃ সকলো দেশৰে সুৰক্ষা আৰু উন্নতি' শীৰ্ষক অভিযানৰ অধীনত ছেইচেলছৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় হোৱাৰ বিষয়টোকে সূচাইছে । ছেইচেলছত প্ৰায় ১ লাখ বাসিন্দা আছে আৰু ভাৰতে প্ৰেৰণ কৰা প্ৰতিষেধকৰ ৫০,০০০ খোৰাকে ছেইচেলছৰ ২৫ শতাংশ জনতাৰ প্ৰয়োজন পূৰণ কৰিব । আনহাতে, মৰিছাছে ভাৰতৰ পৰা লাভ কৰিছে ক'ভিশ্বিল্ড প্ৰতিষেধকৰ ১০০,০০০ খোৰাক ।

বাণিজ্য, পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল মৰিছাছত ১.৩ মিলিয়ন লোকে বাস কৰে আৰু দেশখনত মহামাৰীয়ে ভয়াৱহ সংকটৰ সৃষ্টি কৰিছে । মৰিছাছ চৰকাৰে ভাৰতৰ পৰা বহু পৰিমাণৰ প্ৰতিষেধক বিচাৰিছিল । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বুধবাৰে 'চুবুৰীয়া প্ৰথম নীতি'ৰ অধীনত ভূটান, নেপাল, মালদ্বীপ, বাংলাদেশ, ম্যানমাৰ, ছেইচেলছলৈ প্ৰতিষেধক প্ৰেৰণৰ কথা ঘোষণা কৰিছিল ।

লগতে পঢ়ক:বাৰানসীৰ COVID-১৯ৰ টীকাকৰণৰ হিতাধিকাৰী, প্ৰতিষেধক প্ৰদানকাৰীৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details