অসম

assam

ETV Bharat / bharat

ভাৰত আৰু চীনৰ মাজত শুকুৰবাৰে অনুষ্ঠিত হ'ব সামৰিক আলোচনা চক্ৰ - কৰ্পছ কামাণ্ডাৰ পৰ্যায়

শুকুৰবাৰে ভাৰত আৰু চীনৰ মাজত অনুষ্ঠিত হ'ব কৰ্পছ কামাণ্ডাৰ পৰ্যায়ৰ এক আলোচনা চক্ৰ ৷ এই আলোচনাৰ জৰিয়তে পূৱ-লাডাখৰ অমীমাংসিত সীমা সমস্যা সম্পৰ্কে বিতং ভাৱে আলোচনা কৰা হ'ব ৷ এই আলোচনাত গোগ্ৰা আৰু হট স্প্ৰিংছত জোৱান সকলৰ সুৰক্ষা আৰু ডেপচাং অঞ্চলত কৰা বেদখল সন্দৰ্ভত গুৰুত্বপূৰ্ণ বিষয়বোৰক আগস্থান দিয়া হ'ব ৷

ভাৰত আৰু চীনৰ মাজত শুকুৰবাৰে অনুষ্ঠিত হ'ব সামৰিক আলোচনা চক্ৰ
ভাৰত আৰু চীনৰ মাজত শুকুৰবাৰে অনুষ্ঠিত হ'ব সামৰিক আলোচনা চক্ৰ

By

Published : Apr 8, 2021, 10:28 AM IST

নেশ্যনেল ডেস্ক, 8 এপ্ৰিল : শুকুৰবাৰে ভাৰত আৰু চীনৰ মাজত অনুষ্ঠিত হ'ব কৰ্পছ কামাণ্ডাৰ পৰ্যায়ৰ এক আলোচনা চক্ৰ ৷ এই আলোচনাৰ জৰিয়তে পূৱ-লাডাখৰ অমীমাংসিত সীমা সমস্যা সম্পৰ্কে বিতং ভাৱে আলোচনা কৰা হ'ব ৷ এই আলোচনাত গোগ্ৰা আৰু হট স্প্ৰিংছত জোৱান সকলৰ সুৰক্ষা আৰু ডেপচাং অঞ্চলত কৰা বেদখল সন্দৰ্ভত গুৰুত্বপূৰ্ণ বিষয়বোৰক আগস্থান দিয়া হ'ব ৷

উল্লেখ্য যে, বিগত বছৰৰ 5 মে' পাংগা হ্ৰদৰ ওচৰত হোৱা হিংসাত্মক সংঘৰ্ষৰ পাচত দুয়োখন দেশৰ মাজত কিছু মতানৈক্য হোৱাৰ লগতে সীমান্তত উভয় পক্ষই হাজাৰ হাজাৰ সৈন্যৰ লগতে অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰো মজুত কৰিবলগীয়া হৈছিল ৷ চীনে প্ৰতিবাৰে সীমান্তত ভাৰতৰ ভূমি দখল কৰাৰ চেষ্টা চলাই অহাৰ পৰিৱৰ্তে ভাৰতে দুয়োখন দেশৰ মাজত শান্তি প্ৰতিস্থা কৰাৰ বাবে চেষ্টা কৰি আহিছে ৷

ইফালে, কেইবালানিও সামৰিক আৰু কূটনৈতিক আলোচনাৰ ফলস্বৰূপে, দুয়োপক্ষই ফেব্ৰুৱাৰী মাহত পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ পৰা সৈন্য আৰু অস্ত্ৰ-শস্ত্ৰ প্ৰত্যাহাৰ কৰিছিল যদিও দুয়োখন দেশৰ মাজত শান্তি প্ৰতিশ্ৰুতিৰ বাবে শুকুৰবাৰে পুনৰ এখন বৈঠকত মিলিত হ'ব দুয়োখন দেশৰে উচ্চ পৰ্যায়ৰ বিষয়ববীয়াসকল ৷ মাৰ্চ মাহৰ শেষৰ ফালে সেনা প্ৰধান জেনেৰেল এম এম নাৰাভানে কৈছিল যে, পাংগং হ্ৰদ অঞ্চলত ভাৰতৰ প্ৰতি ভাবুকি কেৱল হ্ৰাসহে হৈছে কিন্তু ই সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই ।

লগতে পঢ়ক: দেশৰ নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত ৰাখিবৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন

ABOUT THE AUTHOR

...view details