অসম

assam

ETV Bharat / bharat

পাঁচ দিনীয়া ভ্ৰমণসূচীৰে ফান্সলৈ ৰাওনা এয়াৰ চীফ মাৰ্চাল আৰকেএছ ভাদুৰিয়া

সোমবাৰে পাঁচ দিনীয়া ভ্ৰমণসূচীৰে ফান্সলৈ ৰাওনা হৈছে এয়াৰ চীফ মাৰ্চাল আৰকেএছ ভাদুৰিয়া ৷ জেনেৰেল ফিলিপ লাভিগনেৰ আমন্ত্ৰণ ৰক্ষা কৰি এই পাঁচ দিনীয়া ভ্ৰমণসূচী গ্ৰহণ কৰে আৰকেএছ ভাদুৰিয়াই ৷

By

Published : Apr 19, 2021, 1:44 PM IST

পাঁচ দিনীয়া ভ্ৰমণসূচীৰে আজি ফান্সলৈ গৈছে আৰ কে এছ ভাদুৰিয়া
পাঁচ দিনীয়া ভ্ৰমণসূচীৰে আজি ফান্সলৈ গৈছে আৰ কে এছ ভাদুৰিয়া

নিউজ ডেস্ক, 19 এপ্ৰিল :ভাৰতীয় বায়ুসেনাৰ চীফ মাৰ্চাল আৰকেএছ ভাদুৰিয়া সোমবাৰে পাঁচ দিনীয়া ভ্ৰমণসূচীৰে ফান্সলৈ ৰাওনা হৈছে ৷ জেনেৰেল ফিলিপ লাভিগনেৰ আমন্ত্ৰণ ৰক্ষা কৰি এই পাঁচ দিনীয়া ভ্ৰমণসূচী গ্ৰহণ কৰে আৰকেএছ ভাদুৰিয়াই ৷

টুইটাৰযোগে এই তথ্য ঘোষণা কৰে ভাৰতীয় বায়ু সেনাৰ সূত্ৰই ৷ টুইটত উল্লেখ কৰা অনুসৰি, "19 এপ্ৰিলৰ পৰা 23 এপ্ৰিলৰ লৈ আৰ কে এছ ভাদুৰিয়াৰ ফান্স ভ্ৰমণৰ এই কাৰ্যসূচীয়ে ভাৰত আৰু ফান্সৰ সামৰিক বন্ধুত্ব অধিক শক্তিশালী কৰিব ৷" এই ভ্ৰমণ কালত ফান্সৰ সামৰিক নেতৃত্বৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত আৰ কে এছ ভাদুৰিয়াই অংশ গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ভাৰতীয় বায়ু সেনাৰ সূত্ৰই ৷

লগতে পঢ়ক: ৰাজ্যত প্ৰবাহিত কৰ’ণা সংক্ৰমণৰ দ্বিতীয় ঢৌ

ABOUT THE AUTHOR

...view details