অসম

assam

Himanta Biswa Sarma: ৰাহুল গান্ধী এতিয়াও সৰু হৈ আছে, তেওঁক বেছি গুৰুত্ব সহকাৰে নল’ব; হিমন্ত বিশ্ব শৰ্মা

ছত্তীশগড়ত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ভূপেশ বাঘেলৰ চৰকাৰক তীব্ৰ সমালোচনা ৷ সনাতন সংস্কৃতি বিতৰ্কক লৈ I.N.D.I.A. মিত্ৰজোঁটকো আক্ৰমণ ৷ I.N.D.I.A. মিত্ৰজোঁটে দেশত হিন্দু বিৰোধী পৰিৱেশ গঢ়িছে; হিমন্ত বিশ্ব শৰ্মা ৷

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 10:01 PM IST

Published : Sep 19, 2023, 10:01 PM IST

Himanta Biswa Sarma
Himanta Biswa Sarma

ছত্তীশগড়ৰ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নেশ্যনেল ডেস্ক, 19 ছেপ্টেম্বৰ:সনাতন সংস্কৃতি সন্দৰ্ভত I.N.D.I.A. এলায়েন্সৰ এক অংশীদাৰ DMKৰ নেতাই কৰা মন্তব্যৰ পিছত দেশৰ ৰাজনীতিত বিতৰ্ক অব্যাহত আছে ৷ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ পুত্ৰ উদয়ানিধিয়ে প্ৰথমে সনাতন ধৰ্মৰ ওপৰত এক বিতৰ্কিত মন্তব্য কৰিছিল ৷ তেওঁৰ পিছত এ ৰাজা আৰু তামিলনাডুৰ এজন মন্ত্ৰীয়েও সনাতন ধৰ্ম আৰু সংস্কৃতি সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰিছিল ৷ ইয়াকে লৈ বিজেপিয়ে I.N.D.I.A. মিত্ৰজোঁটক ধাৰাবাহিকভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷

মঙলবাৰে ছত্তীশগড় ভ্ৰমণ কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কংগ্ৰেছক এই বিতৰ্ক সন্দৰ্ভত তীব্ৰ আক্ৰমণ কৰে ৷ তেওঁ কয়, ‘‘যেতিয়াৰে পৰা ভূপেশ বাঘেল মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈছে তেতিয়াৰে পৰা ছত্তীশগড়ত সনাতন সংস্কৃতিৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে ।’’ তেওঁ লগতে I.N.D.I.A. এলায়েন্সৰ বিৰুদ্ধে দেশত হিন্দু বিৰোধী পৰিৱেশ গঢ়ি তোলাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰো অভিযোগ উত্থাপন কৰে ৷

ছত্তীশগড়ৰ ৰায়পুৰত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু ৰাহুল গান্ধীক তীব্ৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ ৷ উল্লেখ্য যে মঙলবাৰে ছত্তীশগড়ৰ ভাটগাঁও বিধানসভা সমষ্টিত নিৰ্বাচনী ৰেলী আৰু সভা সম্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

নিৰ্বাচনী সভাত ৰাইজক উদ্দেশ্যি তেওঁ কয়, ‘‘ছত্তীশগড়ৰ ৰাইজে বিচাৰে যে ইয়াত এখন বাবৰ বিহীন, কেৱল শ্ৰী ৰামৰ নাম উচ্চাৰণ হোৱা এখন চৰকাৰ গঠন হওক ৷ ৰাজ্য চৰকাৰে নিবনুৱা ভাট্টাৰ ঠাইত কিয় নিযুক্তি প্ৰদান নকৰে ? ছত্তীশগড় প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ ৷ পৃথিৱীয়ে সকলো দিছে ৷ আমি 27 মে’ত আমাৰ ৰাজ্যত (অসমত) 90,000 লোকক চৰকাৰী চাকৰি দিছিলো, তেতিয়া ভূপেশ বাঘেলে মোক কৈছিল যে এই মানুহজন পাগল ৷’’

নিৰ্বাচনী সভাৰ পাছত তেওঁ সংবাদমেল সম্বোধন কৰি কয়, ‘‘ভূপেশ বাঘেল আৰু কমল নাথৰ প্ৰতি এয়া মোৰ প্ৰত্যাহ্বান । যদি আপোনাৰ সাহস আছে, তেন্তে ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক ৰামলালাৰ মন্দিৰলৈ লৈ যাওক ৷ তেওঁলোকে নাযায়, কাৰণ বাবৰৰ খং উঠিব ৷ যেতিয়া ছত্তীশগড়ৰ সাধাৰণ লোকসকলক ধৰ্মান্তৰিত কৰা হয়, তেতিয়া মুখ্যমন্ত্ৰী নীৰৱ-নিৰ্বিকাৰ হৈ থাকে ৷’’

I.N.D.I.A. মিত্ৰজোঁটে 14 সাংবাদিকক নিষিদ্ধ কৰাক লৈও তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ কয় যে কোনোবাই সাংবাদিকৰ সৈতে কাজিয়া কৰে নেকি ? ৰাহুল গান্ধীক আক্ৰমণ কৰি তেওঁ কয় যে ৰাহুল গান্ধীয়ে বিদেশলৈ যায় আৰু দেশৰ বিৰুদ্ধে কথা কয় ৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ছত্তীশগড়ত পৰিৱৰ্তন হ’ব ৷ ৰাজ্যখনৰ ৰাইজে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক চৰকাৰ গঠনৰ সুযোগ প্ৰদান কৰিব ৷

কংগ্ৰেছক আক্ৰমণ কৰি তেওঁ আৰু কয়, ‘‘বিশ্বৰ কোনো ঠাইতে কংগ্ৰেছৰ দৰে কোনো মৌলিক সাম্প্ৰদায়িক দল নাই ৷ মই বিজেপিলৈ আহি আৰু ‘সৰ্ব ধৰ্ম সম্ভাৱ’ৰ ধাৰণাটোৰ সৈতে পৰিচিত হৈছো ৷ ৰাহুল গান্ধীয়ে প্ৰেমৰ দোকান খোলাৰ কথা কয় । তেওঁলোকে অসমত 900 জন লোকক শ্বহীদ কৰিছিল । দিল্লীত হোৱা হিংসাত শিখ লোক নিহত হৈছিল । ৰাহুল গান্ধীক অত্যাধিক গুৰুত্ব সহকাৰে নল’ব । তেওঁ এতিয়াও শিশু ।’’

নিৰ্বাচনমুখী ছত্তীশগড়ত উপস্থইিত হৈ এইদৰেই কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়ক:PM Modi Addressed New Parliament : নাৰী নেতৃত্বাধীন উন্নয়নৰ বাবে সাজু ভাৰত; প্ৰধানমন্ত্ৰী মোদী

ABOUT THE AUTHOR

...view details