আগৰতলা, 10 এপ্ৰিল:অসম বিধানসভা নিৰ্বাচনত প্ৰায় 84 খন আসন লাভ কৰি বিজেপিয়ে দিছপুৰৰ মছনদ দখল কৰিব বুলি আশাবাদী নেডাৰ আহ্বায়ক তথা বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শনিবাৰে ত্ৰিপুৰাত উপস্থিত হৈ মন্ত্ৰী ড৹ শৰ্মাই এই মন্তব্য কৰে ৷
শনিবাৰে পুৱাৰ ভাগত ৰাজ্যখনত উপস্থিত হৈ মন্ত্ৰী শৰ্মাই সাংবাদিকে বিধানসভা নিৰ্বাচনৰ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত কয় যে, "সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে 84 খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ৷ আসনৰ সংখ্যা কিছু পৰিমাণে কমিবও পাৰে কিন্তু বিজেপিয়ে জয়লাভ কৰাটো নিশ্চিত ৷ " টিটিএএডিচি (ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ) ৰ নিৰ্বাচনটো বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি জানিবলৈ দি মন্ত্ৰী গৰাকীয়ে কয় যে, "ত্ৰিপুৰাৰ কাৰ্যকৰ্তা সকলৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আমি টিটিএএডিচি ৰ নিৰ্বাচনত 14 বা 15 খন আসন লাভ কৰিম ৷
ত্ৰিপুৰা চৰকাৰে ভিজন ডক্যুমেন্টত দিয়া প্ৰতিশ্ৰুতি অনুসৰি কাম কৰিব বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে 10,323 গৰাকী শিক্ষকৰ প্ৰসংগতো নিজৰ মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয় যে, "এই সকলো আইনী বিষয় ৷ মই যিমানদূৰ জানো চৰকাৰে এই বিষয়টো সমাধান কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ নিৰ্বাচনী ব্যস্ততা শেষ হোৱাৰ পাছতে মই এই প্ৰসংগত ত্ৰিপুৰা চৰকাৰৰ সৈতে কথা পাতিম ৷ "