নেশ্যনেল ডেস্ক,১০ ছেপ্টেম্বৰ :নতুন দিল্লীত জি-২০ বৈঠকৰ সময়ত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চেলফি মুহূৰ্তই সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বাংলাদেশৰ মাজত দ্বিপাক্ষিক বৈঠকৰ পৰিপ্ৰেক্ষিতত শীৰ্ষ নেতা দুয়োগৰাকীৰ চেলফিৰ মুহূৰ্ত সকলোতে ভাইৰেল হৈ পৰিছে ।
ইফালে শেহতীয়া মাহবোৰত বাংলাদেশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক যথেষ্ট চৰ্চাত আছে । ঢাকাত আমেৰিকান দূত পিটাৰ হাছে বাৰে বাৰে মুক্ত আৰু স্বচ্ছ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰু বিষয়টো আলোচনা কৰিবলৈ মুখ্য নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰিবলৈ আহ্বান জনাই আহিছে ।
লক্ষণীয়ভাৱে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেন আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত জি-২০ বৈঠকত ভাৰত মণ্ডপমত চেলফি লোৱাৰ সময়ৰ এক স্পষ্ট মুহূৰ্ত শ্বেয়াৰ কৰে । নতুন দিল্লীত অনুষ্ঠিত জি-২০ বৈঠকত অংশগ্ৰহণৰ বাবে শুকুৰবাৰে জ' বিডেন আৰু শ্বেখ হাছিনা ভাৰতত উপস্থিত হয় । বৈঠকৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেনক জি-২০ বৈঠকত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেওঁৰ কন্যা চাইমা ৱাজেদৰ সৈতে এখন চেলফিত দেখা গৈছে ।
বাংলাদেশৰ বৈদেশিক মন্ত্ৰী আব্দুল মোমেনে ইয়াক এক আনন্দদায়ক মুহূৰ্ত বুলি অভিহিত কৰে । তেওঁ উল্লেখ কৰা মতে সকলোৱে সুখী অনুভৱ কৰিছে আৰু ৰাষ্ট্ৰপতি বিডেনক চেলফি লোৱাৰ সময়ত যথেষ্ট উৎসাহিত দেখা গৈছে বুলিও তেওঁ উল্লেখ কৰে ।