নিউজ ডেস্ক, ৩০ আগষ্ট :কৰ্ণাটকত বন বিভাগৰ কৰ্মচাৰীৰ চন্দন কাঠৰ চোৰাং ব্যৱসায়ীৰ ওপৰত গুলীচালনা । চন্দন গছ কাটি থকা অৱস্থাত বন বিভাগৰ এটা দলে চন্দন কাঠ চোৰৰ দলটোক বাধা দিবলৈ চেষ্টা কৰে । তাৰ পিছতে চোৰৰ দলটোৰ ওপৰত গুলীচালনা কৰে বনকৰ্মীৰ দলটোৱে । জানিব পৰা মতে, এই ঘটনাত এজন চোৰৰ মৃত্যু হয় আৰু আন এজন পলাই যাবলৈ সক্ষম হয় । আৰক্ষীয়ে জনোৱা অনুসৰি, মঙলবাৰে নিশা প্ৰায় ১.১৫ বজাত বেনাৰঘাট্টা ৰাষ্ট্ৰীয় উদ্যানৰ কালকেৰে বন অঞ্চলত এই ঘটনাটো সংঘটিত হয় ।
বেনাৰঘাট্টা বন বিভাগৰ কৰ্মচাৰীসকলে নিশা বনাঞ্চলত টহল দি থকাৰ সময়ত চন্দন গছ কাটি থকাৰ শব্দ শুনি ঘটনাস্থলীলৈ আগবাঢ়ি যায় । তেতিয়াই অভিযুক্ত দুজনে বনকৰ্মী দলটোৰ ওপৰত আক্ৰমণ চলাবলৈ চেষ্টা কৰে । সেই সময়ত বনকৰ্মীসকলে সতৰ্ক কৰি দি শূন্যলৈ গুলীচালনা কৰে । কিন্তু তেতিয়াও চোৰৰ দলটোৱে তেওঁলোকৰ কথা নুশুনাত গুলীচালনা কৰে । ফলস্বৰূপে এজন চোৰৰ গাত গুলী লাগি ঘটনাস্থলীতে বাগৰি পৰি মৃত্যু হোৱা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।
ঘটনা সন্দৰ্ভত বেংগালুৰু গ্ৰাম্যৰ এছপি মল্লিকাৰ্জুন বালাদাণ্ডীয়ে কয়, "বেনাৰঘাট্টা সংৰক্ষিত বনাঞ্চলত বন্যপ্ৰাণীৰ লগতে যথেষ্ট চন্দন গছ আছে । দুজন মানুহে গছকটা সঁজুলি লৈ অৰণ্যলৈ গৈছিল আৰু মঙলবাৰে নিশা চন্দন কাঠ কাটি আছিল । যেতিয়া বন বিভাগৰ কৰ্মচাৰীসকলে গছকটাৰ শব্দ শুনি ঘটনাস্থলীলৈ দৌৰি যায় আৰু অভিযুক্ত দুজনক বিচাৰি পায় । অভিযুক্তক আত্মসমৰ্পণ কৰিবলৈ সতৰ্ক কৰা সত্ত্বেও তেওঁলোকে ওলোটাই বনকৰ্মীসকলক অস্ত্ৰৰে আক্ৰমণ কৰে । ইয়াৰ পিছত বনকৰ্মীসকলে সতৰ্কবাণী দি শূন্যলৈ গুলীচালনা কৰে । কিন্তু তথাপিও তেওঁলোকে কৰ্ণপাত নকৰাত বনকৰ্মীসকলে অভিযুক্তৰ ওপৰত গুলীচালনা কৰে । আমি পোৱা তথ্য অনুসৰি, এজনৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু আন এজন পলাই যায় ।"