অসম

assam

ETV Bharat / bharat

Chhattisgarh Assembly Elections 2023 : ছত্তীশগড় বিজেপিৰ ২১ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ

ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে দলীয় প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে । বিজয় বাঘেলক পাটন বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে । যিহেতু পাটন মুখ্যমন্ত্ৰী বাঘেলৰ সমষ্টি আৰু বিজয় বাঘেল তেওঁৰ ভতিজাক । এনে পৰিস্থিতিত ছত্তীশগড়ৰ এই বিধানসভা আসনখনত খুৰাক আৰু ভতিজাকৰ মাজত যুঁজ আকৰ্ষণীয় হ'ব পাৰে ।

By

Published : Aug 17, 2023, 7:46 PM IST

Chhattisgarh Assembly Elections 2023
Chhattisgarh Assembly Elections 2023

নিউজ ডেস্ক, ১৭ আগষ্ট : ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক ছত্তীশগড় বিধানসভা নিৰ্বাচন, ২০২৩-ৰ বাবে দলীয় প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে । বিজেপিয়ে ছত্তীশগড়ৰ ২১ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । বুধবাৰে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত ছত্তীশগড় বিধানসভা নিৰ্বাচন, ২০২৩-ৰ বিষয়ে আলোচনা কৰা হৈছিল । বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্যসকল উপস্থিত আছিল । কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে ছত্তীশগড় বিধানসভা নিৰ্বাচন, ২০২৩-ৰ বাবে ২১ টা নামত অনুমোদন জনাইছে ।

বিজেপিয়ে প্ৰকাশ কৰা প্ৰথমখন তালিকাত ১০ খনত অনুসূচিত জনজাতি, এখন অনুসূচিত জাতি আৰু ১০ খন আসন সাধাৰণ প্ৰাৰ্থীৰ বাবে ঘোষণা কৰা হৈছে । দলটোৱে বিজয় বাঘেলৰ ওপৰত আস্থা প্ৰকাশ কৰি হাই-প্ৰফাইল পাটন আসনৰ পৰা প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে । পাটন হৈছে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বিধানসভা সমষ্টি আৰু বিজয় বাঘেল তেওঁৰ ভতিজাক । এইবাৰো যদি মুখ্যমন্ত্ৰী বাঘেলে এই সমষ্টিটোৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, তেন্তে খুৰাক আৰু ভতিজাকৰ মাজত এক আকৰ্ষণীয় যুঁজ হ'ব ।

উল্লেখ্য যে ২০০৮ চনত ভূপেশ বাঘেলক পৰাস্ত কৰা বিজয় বাঘেলে ইতিমধ্যে বহু মঞ্চত পাটনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে । ২০০৮ চনৰ বিধানসভা নিৰ্বাচনত বিজয় বাঘেলে ভূপেশ বাঘেলক এই সমষ্টিটোৰ পৰা পৰাস্ত কৰিছিল । ২০১৩ চনত ভূপেশ বাঘেলে বিজয় বাঘেলক পৰাস্ত কৰিছিল । ইয়াৰ পিছত ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে বিজয় বাঘেলক সুযোগ দিয়া নাছিল । তাৰ পিছত অনুষ্ঠিত লোকসভা নিৰ্বাচনত বিজয় বাঘেলে দূৰ্গ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে আৰু কংগ্ৰেছৰ প্ৰতিমা চন্দ্ৰকাৰক পৰাস্ত কৰি সাংসদ হয় । বৰ্তমান আকৌ এবাৰ দলটোৱে তেওঁৰ ওপৰত বিশ্বাস ৰাখিছে আৰু তেওঁক মুখ্যমন্ত্ৰী বাঘেলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থিত্ব দিছে ।

বিজেপিৰ এই প্ৰথম তালিকাত পাঁচগৰাকী মহিলাকো অন্তৰ্ভুক্ত কৰা হৈছে । খাল্লাৰীৰ পৰা অলকা চন্দ্ৰকাৰ, ভাটগাঁৱৰ পৰা লক্ষ্মী ৰাজৱাদে, খুজ্জিৰ পৰা গীতা ঘাচী চাহু, ভাটগাঁৱৰ শকুন্তলা সিং পোৰ্থে আৰু চৰাইপালিৰ পৰা সৰলা কোছাৰিয়াক মনোনীত কৰা হৈছে ।

লগতে পঢ়ক :NMML name changed : নেহৰু মেম'ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰীৰ নাম সলনিকলৈ অসন্তুষ্ট ৰাহুল

ABOUT THE AUTHOR

...view details