নেশ্যনেল ডেস্ক, 19 নৱেম্বৰ : উত্তৰ প্ৰদেশৰ লক্ষ্নৌত বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ভয়ংকৰ পৰিণতি ৷ প্ৰেমিকাৰ সৈতে কোঠাত অন্তৰংগ মুহূৰ্ত পাৰ কৰি থকাৰ সময়তে পত্নীয়ে হাতে লোটে ধৰা পেলালে স্বামীক ৷ ইয়াৰোপৰি পত্নীয়ে স্বামীৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক উৎপীড়নৰ অভিযোগ উত্থাপন কৰিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, স্বামী-স্ত্ৰী পেছাত আৰক্ষী কনিষ্টবল ৷ স্বামী সৰোজিনী নগৰ আৰক্ষী চকীৰ এগৰাকী কনিষ্টবল, পত্নী মৈনপুৰী আৰক্ষী লাইনৰ এগৰাকী কনিষ্টবল ৷ শুকুৰবাৰে নিশা শ্যামবীৰ সিং নামৰ কনিষ্টবলজনে প্ৰেমিকাৰ সৈতে কোঠাত অন্তৰংগ মুহূৰ্তৰ উদযাপন কৰি থকাৰ সময়তে কনিষ্টবল পত্নীয়ে হাতে লোটে ধৰা পেলায় ৷ মহিলা কনিষ্টবলগৰাকীয়ে কনিষ্টবল স্বামীৰ বিৰুদ্ধে গালি-গালাজ, আক্ৰমণ আৰু হত্যাৰ ভাবুকি দিয়াৰো গোচৰ ৰুজু কৰিছে ৷ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে, পৰৱৰ্তী ঘটনা সন্দৰ্ভত তদন্ত চলি আছে ৷
মৈনপুৰী আৰক্ষী লাইনত নিয়োজিত মহিলা কনিষ্টবলগৰাকীৰ অনুসৰি, তেওঁৰ স্বামী শ্যামবীৰ সিঙক সৰোজিনীনগৰ আৰক্ষী থানাত কনিষ্টবল হিচাপে নিযুক্তি দিয়া হৈছে ৷ দুয়ো কৰ্মসূত্ৰে বেলেগ বেলেগকৈ বাস কৰে ৷ তেওঁৰ স্বামী সৰোজিনী নগৰৰ স্কুটাৰ ইণ্ডিয়া পেট্ৰ'ল পাম্পৰ বিপৰীতে থকা কলনীত বাস কৰে ৷