অসম

assam

By

Published : Feb 3, 2021, 12:08 PM IST

ETV Bharat / bharat

কৃষক বিদ্ৰোহঃ আজি 'মহাপঞ্চায়ত'ত উপস্থিত ৰাকেশ টিকাইট

বুধবাৰে হাৰিয়াণাৰ জিন্দে জিলাত অনুষ্ঠিত হ'বলগীয়া এক 'মহাপঞ্চায়ত'ত ৰাকেশ টিকাইটৰ লগতে কেবাগৰাকী নেতাই অংশগ্ৰহণ কৰিব । কৃষক আন্দোলনক সমৰ্থন জনোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই আন্দোলনত বৃহৎ গণ সমাৱেশ ঘটিব বুলি কয় সৰ্ব জাতীয় কান্দেলা খাপৰ মুখ্য টেকৰাম কাণ্ডেলাই ।

'মহাপঞ্চায়ত'
'মহাপঞ্চায়ত'

নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰী:দেশত অব্যাহত আছে কৃষক আন্দোলন । শেহতীয়াকৈ গণৰাজ্য় দিৱসৰ ট্ৰেক্টৰ ৰেলীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা ইতিমধ্যে পৰিলক্ষিত হৈছে । ভাৰতীয় কৃষক সংঘৰ নেতা ৰাকেশ টিকাইটৰ সৈতে হোৱা নিৰ্বিচাৰ আক্ৰমণ সন্দৰ্ভত শনিবাৰৰ পৰা উত্তৰ প্ৰদেশৰ মথুৰাত কৃষকসকলৰ অৱস্থান কাৰ্যসূচী 'মহাপঞ্চায়ত' অব্যাহত আছে । বুধবাৰে হাৰিয়াণাৰ জিন্দে জিলাত অনুষ্ঠিত হ'বলগীয়া এক 'মহাপঞ্চায়ত'ত ৰাকেশ টিকাইটৰ লগতে কেবাগৰাকী নেতাই অংশগ্ৰহণ কৰিব । কৃষক আন্দোলনক সমৰ্থন জনোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই আন্দোলনত বৃহৎ গণসমাৱেশ ঘটিব বুলি কয় সৰ্ব জাতীয় কান্দেলা খাপৰ মুখ্য টেকৰাম কাণ্ডেলাই ।

প্ৰায় দুই দশক পূৰ্বে কৃষক আন্দোলনৰ নেতৃত্ব দিয়া কান্দেলাই কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা নতুন কৃষি আইনৰ বিৰোধীতাৰে দেশৰ লাখ লাখ কৃষকে অব্যাহত ৰখা এই আন্দোলনক সমৰ্থন জনাইছে ।

প্ৰায় দুমাহতকৈ অধিক কালচোৱা প্ৰতিবাদী কৃষকসকলে আন্দোলন অব্যাহত ৰাখিছে । এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰিব লাগে আৰু এক সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলি কান্দেলাই কয় ।

হীছাৰ জিলাৰ উকলানাৰ সুৰেৱালা চকত উপস্থিত হৈ কৃষকৰ এটা দলক সম্বোধন কৰি হাৰিয়াণাৰ ভাৰতীয় কৃষক সংঘৰ নেতা গুণৰাম সিং চাডুনিয়ে ৬ ফেব্ৰুৱাৰীত কৃষক সংঘই আহ্বান জনোৱা দেশজুৰি চকা বন্ধৰ সমৰ্থন জনায় । লগতে কেন্দ্ৰই কৃষি আইন প্ৰত্যাহাৰ নকৰা পৰ্যন্তলৈ কৃষকৰ এই প্ৰতিবাদ অব্যাহত থাকিব বুলি কয় নেতাগৰাকীয়ে ।

উল্লেখ্য যে, সোমবাৰে কৃষক সংঘই আন্দোলনকাৰীসকলক কৰা আক্ৰমণৰ বিৰোধীতাত তিনিঘন্টাৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ অৱৰোধ কৰাৰ ঘোষণা কৰে । ইয়াৰোপৰি প্ৰতিবাদস্থলীৰ নিকটৱৰ্তী অঞ্চলসমূহত প্ৰশাসনে ইন্টাৰনেট সংযোগ ব্যাহত ৰখা আৰু আন্দোলনকাৰীসকলক অকথ্য নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন কৰে ।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ সংসদত গৃহীত কৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে বিগত প্ৰায় ডেৰ মাহতকৈ অধিক সময় প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কৃষকসকলে ৷ গণৰাজ্য দিৱসত কেন্দ্ৰীয় চৰকাৰে ৰাজধানীত গণৰাজ্য দিৱস উদযাপন কৰাৰ সময়তে কৃষকসকলে ট্ৰেক্টৰ ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ সেই সময়তে ৰাজধানীৰ ভিতৰত প্ৰতিবাদকাৰী কৃষকসকলক প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰাৰ ফলত আৰক্ষীৰ সৈতে কৃষকসকলৰ হতাহতি সৃষ্টি হোৱাৰ লগতে পৰিস্থিতিয়ে হিংসাত্মক ৰূপ লয় । বহু ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ লগতে আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰিছিল প্ৰতিবাদকাৰী কৃষকসকলে ।

লগতে পঢ়ক:শীঘ্ৰে পুনৰ পাঠদান আৰম্ভ হ'ব দিল্লীৰ ব্যক্তিগতখণ্ড শিক্ষানুষ্ঠানতঃঅৰবিন্দ কেজৰিৱাল

ABOUT THE AUTHOR

...view details