অসম

assam

Human Sacrifice case: নৰবলিৰ পৰা কথমপি ৰক্ষা পৰিল এগৰাকী যুৱতী; ইটিভি ভাৰতৰ আগত চাঞ্চল্যকৰ ভাষ্য

নৰবলিৰ (human sacrifice) পৰা কথমপি ৰক্ষা পোৱা এগৰাকী যুৱতীৰ ইটিভি ভাৰতৰ আগত চাঞ্চল্যকৰ ভাষ্য ৷ মাহী মাকে শিৱৰাত্ৰিত বলি দিয়াৰ পৰিকল্পনা কৰিছিল যুৱতীগৰাকীক ৷ যাৰ বাবে ঘৰৰ পৰা পলায়ন কৰি যুৱতীগৰাকী উপস্থিত হয় চেন্নাইত ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা ৷

By

Published : Feb 26, 2023, 8:53 AM IST

Published : Feb 26, 2023, 8:53 AM IST

Human Sacrifice case
নৰবলিৰ পৰা কথমপি ৰক্ষা পৰিল এগৰাকী যুৱতী; ইটিভি ভাৰতৰ আগত চাঞ্চল্যকৰ ভাষ্য

নেশ্যনেল ডেস্ক, 26 ফেব্ৰুৱাৰী: অন্ধ বিশ্বাসৰ কবলত পৰি দেশৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে সংঘটিত হৈ আহিছে নৰবলিৰ দৰে জঘন্য ঘটনা (human sacrifice) ৷ তেনে এক ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এগৰাকী যুৱতী ৷ মাতৃয়েই হত্যা কৰাৰ পৰিকল্পনা কিৰিছিল যুৱতীগৰাকীক ৷ এই ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশত ৷ ট্ৰেইনযোগে যুৱতীগৰাকীয়ে পলায়ন কৰি চেন্নাইত উপস্থিত হোৱাৰ পাচতে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা (Human sacrifice victim) ৷ যুৱতীগৰাকীয়ে ইটিভি ভাৰতৰ আগত সদৰী কৰা তথ্য অনুসৰি মাহী মাকে অন্ধ বিশ্বাসৰ বলি লৈ দীৰ্ঘদিনৰ পৰা তেওঁক বলি দিয়াৰ পৰিকল্পনা কৰি আছিল ৷ যাৰ বাবে এগৰাকী ব্যক্তিৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছিল মাহী মাকে ৷

যুৱতীগৰাকীয়ে এই কথা অৱগত হৈছিল মাহী মাকৰ ম’বাইল ফোনত থকা এটা কল ৰেকৰ্ডিঙৰ পৰা ৷ যুৱতীগৰাকীয়ে উল্লেখ কৰিছে যে, মাহী মাকৰ ম’বাইলৰ ষ্ট’ৰেজ ভৰ্তি হোৱাৰ বাবে কিছু ফাইল ডিলিট কৰিবলৈ তাইক দিছিল ৷ সেই ফাইলসমূহ ডিলিট কৰি থকাৰ সময়তে কল ৰেকৰ্ডিঙটো প্ৰত্যক্ষ কৰে যুৱতীয়ে ৷ যিটো কল ৰেকৰ্ডিঙত আছিল তাইক বলি দিবলৈ কৰা পৰিকল্পনাৰ সবিশেষ ৷ সেই পৰিকল্পনাৰ কথা অৱগত হৈ ঘৰৰ পৰা পালয়ন কৰাৰ সিদ্ধান্ত লয় যুৱতীগৰাকীয়ে (Madhya Pradesh human sacrifice case) ৷

পৰিকল্পনা অনুসৰিয়েই যুৱতীগৰাকী উপস্থিত হয় ভূপালৰ এটা ৰে’ল ষ্টেচনত ৷ তাৰ পৰা এখন ৰে’লেৰে চেন্নাইলৈ বুলি ৰাওনা হয় যুৱতীগৰাকী ৷ ৰে’লত উঠিয়েই নিজৰ ম’বাইলত এটা ভিডিঅ’ কৰি প্ৰেৰণ কৰে মাতৃৰ ম’বাইললৈ ৷ যুৱতীগৰাকীয়ে আত্মহত্যা কৰিম বুলি উল্লেখ কৰি মাহী মাকলৈ প্ৰেৰণ কৰে ভিডিঅ’টো (Madhya Pradesh human sacrifice case) ৷

উল্লেখ্য যে, 2022 বৰ্ষৰ নৱেম্বৰ মাহৰ 4 তাৰিখে প্ৰথমে যুৱতীগৰাকীক বলি দিয়াৰ পৰিকল্পনা কৰিছিল মাহী মাকে ৷ 4 নবেম্বৰ আছিল যুৱতীগৰাকীৰ জন্মদিন ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত শিৱৰাত্ৰিৰ দিনা অৰ্থাৎ 18 ফেব্ৰুৱাৰীত বলি দিয়াৰ তাৰিখ ঠিক কৰে মাতৃয়ে ৷ মাহী মাকৰ ম’বাইলত থকা কল ৰেকৰ্ডিঙৰ পৰা এই কথা গম পোৱা বুলি ইটিভি ভাৰতৰ আগত সদৰী কৰে যুৱতীগৰাকীয়ে ৷

লগতে, যুৱতীগৰাকীয়ে উল্লেখ কৰে যে, কিছু দিনৰ পৰা সন্ধানহীন হৈ আছিল তেওঁৰ ভাতৃ ৷ কিন্তু পৰিয়ালৰ লোকে তাৰ সন্ধান উলিওৱাৰ বাবে গ্ৰহণ কৰা নাছিল কোনো ধৰণৰ পদক্ষেপ ৷ আৰক্ষীকো অৱগত কৰা নাছিল পৰিয়ালৰ লোকে ৷ ইয়াৰ পাচতেই মাতৃৰ ওপৰত সন্দেহ অধিক গাঢ় হৈ পৰে যুৱতীগৰাকীৰ ৷ সেয়েহে, শিৱৰাত্ৰিৰ পূৰ্বে ঘৰৰ পৰাই পলায়ন কৰি যুৱতীগৰাকী উপস্থিত হয় চেন্নাইত ৷ তেওঁক পলায়ন কৰাত দুগৰাকী বন্ধুৱে সহায় কৰা বুলিও সদৰী কৰিছে ইটিভি ভাৰতৰ আগত (Madhya Pradesh girl fleeing human sacrifice) ৷

শেহতীয়াকৈ এই ঘটনা পোহৰলৈ অহাৰ পাচতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ ইফালে, যুৱতীগৰাকীয়ে চেন্নাইতেই থকাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ইটিভি ভাৰতৰ আগত ৷

লগতে পঢ়ক:Extra Marital Affair case: প্ৰেমিকৰ সৈতে লগ হৈ মাতৃয়ে হত্যা কৰিলে 4 বছৰীয়া সন্তানক

ABOUT THE AUTHOR

...view details